NORTHEAST NOW (Assamese)
অসম

সাংবাদিক চক্ৰপাণি পৰাশৰক আক্ৰমণ কৰা দুৰ্বৃত্ত ৪জনক ১৪দিনৰ ন্যায়িক জিম্মালৈ

Posted by: এন ই নাও নিউজ March 22, 2019 6:29 pm
Attackers of ChakraPani Parashar

সাংবাদিক চক্ৰপাণি পৰাশৰক ছুৰীৰে আক্ৰমণ কৰা ৪জন দুৰ্বৃত্তক ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

অভিযুক্ত দুৰ্বৃত্ত চাৰিজন হ’ল এলবাৰ ইটছ ৰেস্তোৰাঁৰ মালিক চৈয়দ আলী আহমেদ, কৰ্মচাৰী নীতীন শৰ্মা, নীৰজ আহমেদ আৰু ভৱেশ দাস।

অভিযুক্তকেইজনে জামিনৰ বাবে আৱেদন কৰিছিল যদিও সেয়া নাকচ কৰে আদালতে। অহা ৪ এপ্ৰিলত এওঁলোকক পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জনালে আৰক্ষীয়ে।

উল্লেখযোগ্য যে ২১ মাৰ্চৰ নিশা গুৱাহাটীৰ গণেশগুৰিস্থিত নিউজ-১৮ চেনেলৰ সাংবাদিক চক্ৰপাণি পৰাশৰক এলবাৰ ইটছ নামৰ ৰেস্তোৰাঁখনৰ মালিক চৈয়দ আলী আহমেদ আৰু কৰ্মচাৰী নীতীন শৰ্মা, নীৰজ আহমেদ আৰু ভৱেশ দাসে লগ লাগি আক্ৰমণ কৰিছিল। এটা সামান্য তৰ্কৰ পিছত আলী আহমেদ আৰু তেওঁৰ লগৰকেইজনে খেদি খেদি ছুৰীৰে আক্ৰমণ কৰিছিল সাংবাদিকজনক।

দিচপুৰ আৰক্ষীয়ে চাৰিওজনকে গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰাইছিল।