NORTHEAST NOW (Assamese)
অসম

২৫ মাৰ্চৰ পৰা মঙলদৈত আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট

Posted by: এন ই নাও নিউজ March 26, 2019 8:17 am
Cricket-1-570x320

উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ উদ্যোগত ২৫ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৬৪সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট প্ৰতিযোগিতাখন মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে। লীগ ভিত্তিত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাখন মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু এন এফ ৰে’লৱেৰ ডেপুটি ছিকিউৰিটি কমিশ্যনাৰ ওমকিৰ সিঙে উদ্বোধন কৰে।

২ এপ্ৰিললৈ চলিব লগীয়া ‘বি’ গ্ৰুপৰ এই প্ৰতিযোগিতাখনত এন এফ ৰে’লৱে মৰিগাঁও, নৰ্থ ইষ্ট ৰে’লৱে, ছাউথ চেণ্ট্ৰেল ৰে’লৱে, নৰ্থ চেণ্ট্ৰেল ৰে’লৱে, ইষ্ট কষ্ট ৰে’লৱে আৰু ছাউথ ইষ্ট ৰে’লৱে দলে অংশগ্ৰহণ কৰিব। তত্ত্বাৱধায়কদ্বয় জাকাৰিয়া জুফ্ৰি আৰু জাভেদ জামানে এই কথা জানিবলৈ দিয়ে।

সোমবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন মেচত  ছাউথ ইষ্ট ৰে’লৱেই ছাউথ চেণ্ট্ৰেল ৰে’লৱেক ৯৬ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ছাউথ ইষ্ট ৰে’লৱেই নটা উইকেটত ২১৭ ৰান কৰে। দলৰ প্ৰশান্ত ছুংগাৱে ৯১, পি ভীমা ৰাৱে ৩৬ ৰান কৰে। ছাউথ চেণ্ট্ৰেল ৰে’লৱেৰ এম সুৰেশ আৰু নৰেন ৰেড্ডীয়ে তিনিটাকৈ উইকেট পায়।

প্ৰত্যুত্তৰত ছাউথ চেণ্ট্ৰেল ৰে’লৱেই ৩৩.৫ অভাৰত ১২১ ৰানহে কৰিবলৈ সক্ষম হয়। দলৰ হৈ একমাত্ৰ কপিল কুমাৰ ধাক্কাই সৰ্বাধিক ২৩ ৰান কৰে।