NORTHEAST NOW (Assamese)
অসম

মাজুলীত হিমন্ত।। কংগ্ৰেছলৈ শ্লিপিং টেবলে’ট, তৰুণ গগৈক কটাক্ষ

Posted by: মিটু খাটনিয়াৰ April 6, 2019 6:19 pm
Himanta Biswa in Assam's Majuli, asks vote for BJP

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ সমষ্টি মাজুলীত তু্ংগত উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। মুখ্য মন্ত্ৰীৰ  লগতে মাজুলীৰ নতুন বজাৰৰ ৰতনপুৰ মিৰি অঞ্চলত শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়।

কংগ্ৰেছলৈ শ্লিপিং টেবলে’ট আগবঢ়াই মন্ত্ৰী শৰ্মাই ২০২‍১ চনলৈকে কংগ্ৰেছ শুই থাকিব বুলি সমালোচনা কৰে। এই নিৰ্বাচনত কংগ্ৰেছ একেবাৰে উৎখাট হ’ব বুলিও তেওঁ উল্লেখ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক আক্ৰমণ কৰি হিমন্তই কয় গগৈয়ে নিজৰ পুত্ৰৰ অন্ধ স্নেহত ধৃতৰাষ্ট্ৰৰ ভাও লৈ কলিয়াবৰত গৌৰৱ গগৈক সাংসদ বনোৱাৰ স্বাৰ্থত অসমখন বদৰুদ্দিন আজমলক বিক্ৰী কৰি দিবলৈ ওলাইছে।

মাজুলীটো মন্ত্ৰীজনাই “মোদী নৃত্য” প্ৰদৰ্শন কৰে আৰু বিজেপি চৰকাৰ গঠন, মোদীৰ শক্তি আৰু সাহস বৃদ্ধিৰ বাবে মাজুলীবাসীৰ পৰা আশীৰ্বাদ বিচাৰে।