NORTHEAST NOW (Assamese)
অসম

বিহুতলীত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ আহ্বান সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 8, 2019 1:37 pm
joint press meet of sahitya sabha and Bihu SAnmiloni

বিহুতলীসমূহত প্ৰয়োগ কৰক অসমীয়া ভাষা। মঞ্চত অধিক প্ৰাধান্য দিয়ক লোকসংগীতক। নিশা ১ বজাৰ ভিতৰত সাংস্কৃতিক অনুষ্ঠান সমূহ সমাপ্ত কৰক। আজি অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অসম সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে যুটীয়াভাৱে এক সংবাদমেল অনুষ্ঠিত কৰি শিল্পীসমাজ তথা বিহু সমিতি সমূহক এই আহ্বান জনায়।

যোৱা ৫ এপ্ৰিলত দুয়োটা প্ৰতিষ্ঠানে যুটীয়া ভাবে এখন বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

আজি আয়োজিত যৌথ সংবাদমেলত বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ গোস্বামীয়ে কয় “যৌথ সভাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সকলো বিহু সন্মিলনীয়ে বিহুতলীত ব্যৱহাৰ কৰা নামফলক, অনুষ্ঠানৰ প্ৰচাৰপত্ৰ, মূল তোৰণ, আৰু মঞ্চত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।”

লগতে ভাষা প্ৰয়োগত শুদ্ধ ৰূপৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখিবলৈও আহ্বান জনায় গোস্বামীয়ে। অৱশ্যে অসমীয়া ভাষাৰ লগতে স্থানীয় খিলঞ্জীয়া মাতৃভাষা সমূহকো গুৰুত্ব প্ৰদান কৰিবলৈ দুয়োটা সংগঠনে আহ্বান জনায়।

আনহাতে, শেষ নিশা সংঘটিত দুৰ্ঘটনা বা আন অপ্ৰীতিকৰ পৰিবেশৰ পৰা হাত সাৰিবলৈ নিশা ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত সাংস্কৃতিক কাৰ্যসূচী সমূহ সমাপ্ত কৰিবলৈ বিহু উদযাপন সমিতিসমূহক আহ্বান জনায় দুয়োটা সংগঠনে।

ইয়াৰ উপৰি, বিহু উদযাপন সমিতিসমূহে মঞ্চত বিহু নৃত্য, বিহু হুঁচৰি আৰু লোকগীত আৰু পৰিৱেশ্য কলাক অধিক প্ৰাধান্য দিবৰ বাবেও আজিৰ সংবাদমেলযোগে অনুৰোধ জনায়।

আনহাতে, ৰঙালী বিহুত প্ৰয়োজন হোৱা বিহুৱান অসমীয়া শিপিনীয়ে প্ৰস্তুত কৰা হ’ব লাগিব, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিবলৈয়ো বিহু উদযাপন সমিতিলৈ আহ্বান জনায় দুয়ো সংগঠনে।

তদুপৰি, বহাগ বিহুৰ সময়তে যিহেতু অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়ে বিহু মঞ্চসমূহ যাতে ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতিও বিশেষ লক্ষ্য ৰাখিবলৈ বিহু সমিতি সমূহক আজিৰ সংবাদমেলযোগে দুয়োটা সংগঠনে আহ্বান জনায়।