NORTHEAST NOW (Assamese)
অসম

গাৰো পাহাৰৰ ৰাভা ভাই-ভনীৰ মাজত ৰঙালীৰ উলাহ, মাণিকগঞ্জত দিনে-নিশাই বিহুৰ আখৰা

Posted by: নীলমণি শৰ্মা April 11, 2019 5:17 pm
Meghalaya's Rabha youth starts Rangali Bihu preparation

সমগ্ৰ অসমৰ লগতে চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰবাসী ৰাভা ভাই-ভনীসকলৰ মাজলৈয়ো আহিছে ৰঙালীৰ উলাহ৷

উত্তৰ গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ, জংলা, ৰোম, দাৰাম, থাপা আদি অঞ্চলৰ ৰাভা জনগোষ্ঠীৰ লোকসকলো ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত।

ঠায়ে ঠায়ে দেখা গৈছে বিহুৰ আখৰাত ব্যস্ত ৰাভা ডেকা-গাভৰুৰ দল।

ভৈয়ামৰ ভাই-ভনীসকলৰ দৰেই মেঘালয়বাসী ৰাভাসকলেও ৰঙালীকে ধৰি আটাইকেইটা বিহু উদযাপন কৰে।