NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত দুপৰীয়ালৈকে শান্তিপূৰ্ণ ভোটগ্ৰহণ, ভোটদানৰ হাৰত আগবাঢ়ি আছে ঢকুৱাখনা

Posted by: ফাৰহানা আহমেদ April 11, 2019 4:39 pm
Assam: Loksabha election result prediction

লখিমপুৰ জিলাৰ অন্তৰ্গত আটাইবোৰ কেন্দ্ৰতে বৃ্হস্পতিবাৰে শান্তিপূৰ্ণভাৱে চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ।

জিলাখনৰ বিভিন্ন কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

দুপৰীয়া ১ বজালৈকে জিলাখনৰ লখিমপুৰ বিধানসভা সমষ্টিত ২৬%, নাওবৈচাত ২৭.৪৮%, বিহপুৰীয়াত ৩৭.৪৩% আৰু ঢকুৱাখনাত ৫০.২২% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

জিলাখনত লখিমপুৰ লোকসভা সমষ্টিৰ ৩টা আৰু তেজপুৰ সমষ্টিৰ অন্তৰ্গত ১টা বিধানসভা সমষ্টি আছে।

জিলাখনৰ ১১০নং নাওবৈচা, ১১১নং লখিমপুৰ আৰু ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১০৯নং বিহপুৰীয়া বিধানসভা তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।