NORTHEAST NOW (Assamese)
অসম

দৰং জিলা পৰিবহন বিভাগৰ এটা দিনত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ

Posted by: ময়ূখ গোস্বামী April 12, 2019 2:20 pm
Mangaldai-dto-ficial-1140x570

দৰং জিলা পৰিবহন বিভাগৰ বাবে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নতুন বিত্তীয় বৰ্ষটো শুভ হিচাপে পৰিগণিত হৈছে।

যদিও ৰাজহ সংগ্ৰহৰ  ক্ষেত্ৰত সীমিত সংখ্যক যান-বাহনেৰে আপেক্ষিক ভাবে ৰাজহ সংগ্ৰহৰ উৎস কম দৰং জিলাখনত তথাপি জিলাখনৰ পৰিবহন বিভাগে এপ্ৰিলৰ ১০ তাৰিখে মাত্ৰ এদিনতে ১০,৬২,৯২৪.০০ টকা ৰাজহ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত  বিভাগটোৱে ২০১৯-২০ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ মাত্ৰ ১০ টা দিনতে ৫৫,৩০,৯৮৮ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আনহাতে, বিগত বিত্তীয় বৰ্ষৰ শেষৰ মাহটোত বিভাগটোৱে এম ভি কৰ, ফিজ, জৰিমনাকে সামৰি মুঠ ১,২৯,৪৯,৫৩৮ টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল। ২০১৮-১৯ বিত্তীয় বৰ্ষত দৰং জিলা পৰিবহন বিভাগে অভিলেখ সংখ্যক ১২,৮৬,৬৩,১২৮ টকা ৰাজহ সংগ্ৰহ কৰিছিল।

নৰ্থ-ইষ্ট নাওৰ আগত বৃহস্পতিবাৰে জিলাখনৰ পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণাই বিভাগটোৰ মটৰ পৰিদৰ্শক, এনফ’ৰ্চমেণ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আদিৰ  মাজত সুন্দৰ বুজাবুজি আৰু একতাৰে কৰা কামৰ বাবে ৰাজহ সংগ্ৰহ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে।

‘‘মই মাথো দলটোক নিৰ্দেশনাহে দি থাকো, সকলো সম্ভৱ হৈছে মোৰ বিভাগটোৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ একান্ত কষ্ট, সততা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত। আমি ৰাজহ সংগ্ৰহৰ কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাছিলো’’  কৃষ্ণাই আমাৰ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।