NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ আখৈফুটিয়াবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি ল’লে “নাৱৰ নাম”

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 16, 2019 4:44 pm
Chanting on boat: Akhoifutia people of Assam's Sivasagar keeps up the tradition

ঐতিহাসিক শিৱসাগৰৰ আখৈফুটিয়া অঞ্চলবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি সম্পন্ন কৰিলে নৈত নাৱৰ নাম। ব’হাগ মাহৰ প্ৰথম দিনা এই অঞ্চলটোৰ মাজেদি বৈ যোৱা দিচাং নদীৰ দুয়োপাৰে থকা কেইবাখনো গাঁৱৰ ৰাইজে কেইবাখনো নাও লগ-লগাই মাৰ নাও তৈয়াৰ কৰে। সেই মাৰ নাৱত গাঁৱৰ ডেকা-বুঢ়া সকলো উঠি নদীৰ মাজত দিহা নাম পৰিবেশন কৰে।

এইদৰে নদীৰ মাজেদি গৈ থাকোতে নিৰ্দিষ্ট ঘাট কেইটামানত ৰৈ তাত উপস্থিত থকা ৰাইজক আৰ্শীবাদ দিয়ে।

দিহানামৰ দলটিৰ পৰা আৰ্শীবাদ ল’বলৈ নিদিষ্ট ঘাট কেইটামানত গাঁৱৰ ৰাইজ ৰৈ থাকে আৰু ঘাট পোৱাৰ লগে লগেই নাওখন চপাই দিয়ে আৰু নাৱৰ পৰা ভকত বৈষ্ণৱে ৰাইজক আৰ্শীবাদ দিয়ে।

পহিলা ব’হাগৰ দিনা অনুষ্ঠিত হোৱা এই পৰম্পৰা আজি প্ৰায় ১১০ বছৰ ধৰি চলি আহিছে শিৱসাগৰৰ আখৈফুটিয়াৰ বালি ঘাট অঞ্চলত।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ভাৰতৰ স্বাধীনতাৰ আগৰ পৰাই এই পৰম্পৰা চলি আহিছে। ২০০৯ চনত নৈত নাৱৰ নামৰ ১০০ বছৰীয়া অনুষ্ঠান অনুষ্ঠিত হৈছিল।

এই পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে নাৱত দিহা নাম গাই যি দৰে বিভিন্ন স্থান ঘূৰি ফুৰিছিল, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আখৈখুটীয়া অঞ্চলৰ ৰাইজে এইদৰে নৈত নাৱৰ নাম অনুষ্ঠিত কৰি আহিছে।

সেই সময়ত সেই অঞ্চলত কলিয়াবৰৰ গোঁসাই এজন আছিল আৰু সেই গোঁসাইয়ে আখৈফুটীয়া এই বালি ঘাটৰ পৰাই নৈত নাৱৰ নাম এই পৰম্পৰা আৰম্ভ কৰিছিল। প্ৰথমৱস্থাত নৈত নাৱৰ নাম এই যাত্ৰাৰ এই অঞ্চলৰ পৰা ১২ কিলোমিটাৰৰ বাকচু অঞ্চললৈকে গৈছিল। জনসংখ্যা বৃদ্ধি আৰু ঘাটৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে  প্ৰতিটো ঘাটত ৰৈ ৰাইজক আৰ্শীবাদ দিবলৈ  সময়ৰ অভাৱ হোৱাৰ বাবে নিৰ্দিষ্ট কিছুমান ঘাটত ৰখোৱাৰ ব্যৱস্থা কৰে।

এই নাৱতেই অস্থায়ী ভাৱে ভাগৱতৰ আসন পাতি লয় আৰু তাতেই নাম লয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।