NORTHEAST NOW (Assamese)
অসম

নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে গুৱাহাটীৰ পৰা চলাব পোনপটীয়া বিমানসেৱা

Posted by: এন ই নাও নিউজ April 20, 2019 6:42 pm
buddha-air36-750x375

নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে অহা ৩ আগষ্টৰ পৰা গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এয়াৰলাইন কোম্পানীটোৱে প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৰাতিপুৱা ৭ বজাত গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত দুখন বিমান চলাব।

চহৰ দুখনৰ মাজত চলিবলগীয়া বিমানসেৱাই নেপাল আৰু ভাৰততৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত যোগাযোগ, বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিত সহায় কৰিব।

বুদ্ধ এয়াৰে ইতিমধ্যে কাঠমাণ্ডু আৰু বাৰাণসীৰ মাজত দুখন সাপ্তাহিক বিমান চলাই আছে আৰু অহা ২৭মেৰ পৰা কাঠমাণ্ডু আৰু কলকাতাৰ মাজত তিনিখন সাপ্তাহিক বিমানৰ যাত্ৰা আৰম্ভ কৰিব।

এই বুদ্ধ এয়াৰলাইন উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা প্ৰাক্তন মন্ত্ৰী সুৰেন্দ্ৰ বাহাদুৰ বাছনেট আৰু তেওঁৰ পুত্ৰ বীৰেন্দ্ৰ বাহাদুৰ বাছনেটে ১৯৯৬ চনৰ ২৩ এপ্ৰিলত এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিছিল।

নেপালৰ ললিতপুৰ জিলাৰ জ্বালাখেলত কোম্পানীটো অৱস্থিত আৰু ১৯৯৭ চনৰ ১১ অক্টোবৰৰ পৰা ইয়াৰ বিমানসেৱা আৰম্ভ কৰা হৈছিল।

বুদ্ধ এয়াৰে ইয়াৰ টুইটাৰ একাউন্টৰ জৰিয়তে গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত বিমানসেৱা চলোৱাৰ কথা ঘোষণা কৰিছে।

কোম্পানীটোৱে টুইট কৰিছে : ‘’আমাৰ পৰৱৰ্তী লক্ষ্যস্থান : গুৱাহাটী। আমি প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৰাতিপুৱা ৭ বজাত গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত দুখন বিমান চলাম। আমি আপোনালোকক আমাৰ বিমানসেৱালৈ আমন্ত্ৰণ জনাইছো।‘’