NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত দুই অপহৰণকাৰী আটক; অপহৃত নাবালিকাক উদ্ধাৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা April 25, 2019 10:18 am

মাকৰ সৈতে বুধবাৰে কৃষ্ণাই সপ্তাহিক বজাৰত বজাৰ কৰিবলৈ আহি অপহৃত হোৱা এগৰাকী ১০ বছৰীয়া নাবালিকাক কৃষ্ণাইৰ আৰক্ষীয়ে আজি পুৱতি নিশা বকোৰ সীমান্তৱৰ্তী হাহিমৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অপহৰণকাণ্ডৰ সৈতে জড়িত নৰভূমিক মাৰাক আৰু চিংচেঙ মাৰাক নামৰ দুই মাক-পুতেকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰকাটাৰ খংখালৰ আনাথ মাৰাকৰ দহ বছৰীয়া জীয়েকে মাকৰ সৈতে বুধবাৰে কৃষ্ণাইৰ সপ্তাহিক বজাৰলৈ অহাৰ পিছতে অপহৃত হৈছিল, পিছত ঘটনাৰ সম্পৰ্কে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই বকোৰ হাহিমৰ পৰা নাবালিকা গৰাকীক উদ্বাৰ কৰে।

আটকাধীন দুই অপহৰণকাৰীৰ ঘৰ চুকুনীয়া পাৰাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি তেওঁঁলোকক তথ্যৰ বাবে জেৰা কৰি থকা হৈছে।