NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতিৰে কথা পতা মানুহজন: বিশ্বৰ শ্ৰেষ্ঠ শাখাত মনোজ গগৈ বিষয়ক অসমৰ চুটি ছবি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 8:45 pm
Assam short film 'The man who speaks nature' to be screened at International Nature Film Festival Godollo in Hungary

হাংগেৰিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি ছবি মহোৎসৱ গ’দ’ল’ (International Nature Film Festival Godollo)ৰ শ্ৰেষ্ঠ ছবি শিতানলৈ নিৰ্বাচিত হৈছে প্ৰকৃতিৰ সৈতে “কথা পতা” মনোজ গগৈক লৈ নিৰ্মিত অসমৰ চুটি ছবি “The Man who ‘Speaks‘ Nature”।

এইবাৰ পঞ্চমটো সংস্কৰণত ভৰি দিয়া প্ৰকৃতি বিষয়ক চিনে’মা উৎসৱটোৰ শ্ৰেষ্ঠ ছবি শাখাত অসমৰ চুটি ছবিখনৰ প্ৰদৰ্শন নিশ্চিত কৰিছে আয়োজকে, জনায় ছবিখনৰ পৰিচালক ধৃতিমান কাকতিয়ে।

চলিত মে’ মাহৰ ২৪ আৰু ২৫ তাৰিখে হাংগেৰিৰ ৰাজধানী বুদাপেষ্টৰ পৰা ৩০ কিল’মিটাৰ নিলগৰ  গ’দ’ল‘ চহৰত অনুষ্ঠিত উৎসৱত ছবিখন প্ৰদৰ্শিত হ’ব।

“দুদিনীয়া সমাৰোহৰ বাবে আমাক নিমন্ত্ৰণ জনাইছে। যাতায়াত আৰু থকা-খোৱাৰ খৰচ আয়োজক সমিতিয়ে বহন কৰিব বুলি জনাইছে,” আয়োজকে প্ৰেৰণ কৰা ই মে’ইলৰ উল্লেখেৰে মন্তব্য পৰিচালক কাকতিৰ।

কাজিৰঙাৰ বচাগাঁৱৰ পৰিৱেশকৰ্মী মনোজ গগৈৰ পৰিৱেশ সম্পৰ্কীয় কাম আধাৰিত ছবিখনে ইতিমধ্যে ভালেকেইটা চিনে’মা উৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

ষষ্ঠ ব্ৰহ্মপুত্ৰ ভেলি চুটি ছবি মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাবে বঁটা লাভ কৰা ছবিখনে মুম্বাইত প্ৰথমবাৰৰ বাবে আয়োজিত ফিল্ম ক্ৰিটিক চ্চইচ শ্বৰ্ট ফিল্ম এৱৰ্ডচৰ (CCSFA) তিনিটা শাখাত মনোনয়ন লাভ কৰিছিল।

বোকাখাতৰ দুই যুৱক ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাই ছবিখন নিৰ্মাণ কৰিছে। কাকতিৰ পৰিচালনা আৰু হাজৰিকা চিনে’মাট‘গ্ৰাফি-সম্পাদনাৰে নিৰ্মিত ছবিখনৰ প্ৰচাৰ-বিতৰণ প্ৰবাল বৰাৰ।

পৰিচালক কাকতি বৰ্তমান এ’ পি গ’ৱেল চিমলা ইউনিভাৰ্ছিটিৰ বি জে এম চি পাঠ্যক্ৰমৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ, চিনে’মাট’গ্ৰাফাৰ তথা সম্পাদক হাজৰিকা বি চি এ’ৰ  ছাত্ৰ। বৰা ‘জলপ্ৰপাত‘, ‘নক্ষত্ৰ‘ আদি “বহুল জনপ্ৰিয় গীত”ৰ প্ৰযোজক “ৰে’ইনফৰেষ্ট ৰে’কৰ্ডচ“ৰ লগত জৰিত।