NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামৰ নামপানী গাঁৱত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু উদযাপন

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 13, 2019 8:21 pm
Mukali Bihu

পুৰণিগুদামৰ নিকটৱৰ্তি নামপানীগাঁৱৰ যুৱক সকলে স্থানীয় সামাজিক শিক্ষা কেন্দ্ৰ ও পুঁথিভড়াল প্ৰাংগনত ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে মুকলি বিহু।

বিয়লি অন্ত পৰা মুকলি বিহু অনুষ্ঠানৰ আৰম্ভণিতে গাঁৱৰ কন-কন শিশু সকলৰ দ্বাৰা বিহু নৃত্য প্ৰৰ্দশন কৰাৰ লগতে আমন্ত্ৰিত অতিথি ক্ৰমে বিশিষ্ট শিক্ষাবিদ বুদ্ধিনাথ কলিতা আৰু শ্ৰী শ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীক আদৰণি জনায়।

ইয়াৰ পাছতেই পুৰণিগুদাম অঞ্চলৰ এটা আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমৰ সঞ্চালিকা বনশ্ৰী শৰ্মা কলিতাৰ নেতৃত্বত অংগাভিনয় অসমৰ এটি দলে বিহু নৃত্য, জনগোষ্ঠীয় নৃত্য, সাত ভনী গীতৰ নৃত্য প্ৰৰ্দশন কৰে।

ইয়াৰ উপৰি পহুকটা পানীগাঁৱৰ ৰশ্মি চোৰাংচোৱাৰ নেতৃত্বত জেং বিহু, নামপানী গাঁৱৰ যুৱতী পুজা কলিতাৰ বিহুসুৰীয়া নৃত্য, পহুকটা পানীগাঁৱৰ বিহুৱা দলৰ দলপতি ক্ৰমে বাবুল কলিতা আৰু গিৰিন্দ্ৰ কলিতাৰ নেতৃত্বত কন-কন মইনাহতৰ দ্বাৰা বিহু নৃত্য প্ৰৰ্দশন কৰা হয়।

আনহাতে উক্ত অনুষ্ঠানতে পৰম্পৰাগত ভাৱে চলি অহা খেল-ধেমালিৰো পুৰস্কাৰ সমূহ আজি বিয়লিৰ ভাগতে বিতৰণ কৰা হয়। প্ৰায় পাঁচ শতাধিক দৰ্শকৰ উপস্থিতিয়ে জীপাল কৰা মুকলি বিহুৰ অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন তথা শলাগৰ শৰাই আগবঢ়াই উদ্যোক্তা মণ্ডলিয়ে।