NORTHEAST NOW (Assamese)
অসম

বাক্সাত দিনতে দুৰ্বৃত্তৰ দলে কাঢ়ি নিলে ডেৰ লক্ষাধিক টকা

Posted by: এন ই নাও নিউজ December 11, 2018 6:35 pm

বাক্সাত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে আজি দিন দুপৰতে বাক্সা জিলাৰ বৰবাৰী আৰক্ষী চকীৰ অন্তৰ্গত চি ব্লকত এটা দুৰ্বৃত্তৰ দলে  পিষ্টল দেখুৱাই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰীৰ পৰা প্ৰায় ডেৰ লক্ষাধিক টকা কাঢ়ি নিয়ে।

ঘটনাৰ বিৱৰণী মতে বেংকটোৰ ফকৰুদ্দিন আহমেদ আৰু বিপুল কলিতা নামৰ কৰ্মচাৰী দুজনে দীঘদলঙাৰ পৰা ধন সংগ্ৰহ কৰি বৰমালৈ আহি থকা সময়তে মটৰচাইকেলত অহা ৪ জনীয়া এটা দুৰ্বৃত্তৰ দলে আগচি ধৰে।

আৰু দুৰ্বৃত্তৰ দলটোৱে কৰ্মচাৰী দুজনক পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰি ধনখিনি লৈ দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা উধাও হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।