NORTHEAST NOW (Assamese)
অসম

আৰ্থিকভাৱে অনগ্ৰসৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ নামত বিশেষ জলপানি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 22, 2019 3:32 pm
WhatsApp Image 2019-05-22 at 1.26.32 PM

অসম সাহিত্য সভা আৰু য়ুনিভাৰ্চিটি অব ছায়েঞ্চ এণ্ড টেকন’লজি মেঘালয়ে (USTM) যুটীয়াভাৱে আৰ্থিক দিশত অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু গৱেষণা বৃত্তিৰ প্ৰতি আগ্ৰহীসকলৰ বাবে বিশেষ জলপানিৰ কথা ঘোষণা কৰে। বুধবাৰে গুৱাহাটীস্থিত সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য মহবুল হকে যুটীয়াভাবে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

এই ঘোষণা অনুসৰি মেধাসম্পন্ন আৰু আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক সাহিত্য সভাৰ ২০ গৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০ টা পূৰ্ণাংগ শিক্ষা জলপানি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঘোষিত ২০ টা জলপানিৰ ভিতৰত ১৫ টা স্নাতকোত্তৰ শিক্ষাৰ বাবে আৰু ৫ টা স্নাতক শিক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ বিভাগত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান, ইংৰাজী, মাইক্ৰ’ বায়োলজি, গণিত, ৰাজনীতি বিজ্ঞান, বি বি এ, বি চি এ, বি এচ ডব্লিউ  ইত্যাদি বিষয়ত পঢ়াৰ সুবিধা পাব বুলি হকে সংবাদমেলত উল্লেখ কৰে।

আনহাতে, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ মহেশ্বৰ নেওগ আৰু সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ সোঁৱৰণত দুটা গৱেষণা বৃত্তি প্ৰদান কৰা হ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদমেলখনত ঘোষণা কৰে।

আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে অসম সাহিত্য সভা অন্যথা www.ustm.ac.in ৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১৫ জুন বুলি মহববুল হকে জনায়।

জলপানিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ২০ জুনত ঘোষণা কৰা হ’ব। অৱশ্য জলপানি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিনামূলীয়া হ’ব যদিও তেওঁলোকৰ হোষ্টেলৰ মাচুল ৰেহাই দিয়া নহয় বুলি য়ু এচ টি এমৰ কতৃপক্ষই জনাই।