NORTHEAST NOW (Assamese)
অসম

‘চলো পাল্টাই’ : মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 31, 2019 10:18 pm
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত সংগঠনটোৱে চলো পাল্টাইৰ নামত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা দুষ্ট চক্ৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ দাবী জনাইছে।
সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত আৰু সম্পাদক অমৰজ্যোতি বৰাৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত ‘চলো পাল্টাই’ নামত একাংশ লোকে সাম্প্ৰদায়িক উত্তেজনাৰে উত্তেজিত কৰি ২০২১ চনৰ লোকপিয়লত অসমীয়া ভাষাক আকৌ সংখ্যালঘু কৰাৰ এক ষড়যন্ত্ৰৰ ভিডিও ছচিয়েল মাধ্যম তথা সংবাদ মাধ্যমত বিয়পাই অসমীয়া ভাষী লোক সকলক উদ্বিগ্ন কৰাৰ চেষ্টা কৰাৰ বিষয়ে উল্লেখ কৰে।
গতিকে চলো পাল্টাই নামত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা দুষ্ট চক্ৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ  লগতে অসমৰ ৰাজ্যভাষা আইন ১৯৬০ সকলো পর্যায়তে বাধ্যতামূলক ভাৱে বলবৎ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে দাবী জনায়।