NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত নাম বাদ পৰা লোকসকলে পাব পুনৰ আবেদনৰ সুযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2019 8:56 am
776741-769386-nrc-970-assam

চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰস্তুতি চলি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ১৯৬৪ চনৰ বিদেশী (ন্যায়াধিকৰণ) আদেশৰ সংশোধনী ঘটাইছে। সেই অনুসৰি নতুনকৈ জাৰি কৰা বিদেশী (ন্যায়াধিকৰণ) আদেশ ২০১৯’ৰ অধীনত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে নিজাববীয়াকৈ বিদেশী ন্যায়াধিকৰণত আবেদন জনাব পাৰিব।

সাধাৰণতে কোনো লোকৰ নাগৰিকত্বক লৈ সন্দেহ হ’লে চৰকাৰে বিদেশী ন্যায়াধিকৰণত গোচৰ তৰিছিল। তদুপৰি, ডি-ভোটাৰৰ ক্ষেত্ৰতো চৰকাৰে গোচৰ তৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলোৱা হয়।

নতুনকৈ জাৰি কৰা সংশোধনী আদেশ অনুসৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকে এন আৰ চি কৰ্তৃপক্ষৰ পৰা প্ৰত্যাখ্যানৰ আদেশৰ প্ৰমানিত নথিসহ আবেদন কৰিব পাৰিব। অৱশ্যে, ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হোৱা ব্যক্তি বা ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিয়ে এনে আবেদন কৰিব নোৱাৰিব।

নতুনকৈ জাৰি কৰা আদেশটোত ১৭ প্ৰকাৰৰ নিয়মাৱলীৰ উল্লেখ কৰা হৈছে। আবেদনকাৰীয়ে ন্যায়াধিকৰণত নিজেই বা কোনো সম্পৰ্কিত ব্যক্তিৰ জৰিয়তে তথা অধিবক্তাৰ জৰিয়তে আবেদন কৰিব পাৰিব।

আবেদনকাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়াধিকৰণে এন আৰ চিৰ নথি দাখিলৰ বাবে সংশ্লিষ্ট উপায়ুক্তলৈ জাননী জাৰি কৰিব। উপায়ুক্তই এমাহৰ ভিতৰত এন আৰ চিৰ মূল প্ৰমাণিত নথি পত্ৰ প্ৰেৰণ কৰিব লাগিব।

উপায়ুক্তই প্ৰেৰণ কৰা নথি পত্ৰৰ ভিত্তিত আবেদনৰ যুক্তিযুক্ততা বিচাৰ কৰি এমাহৰ ভিতৰত শুনানিৰ দিন ধাৰ্য কৰি ১২০ দিনৰ ভিতৰত চূড়ান্ত নিৰ্দেশ প্ৰদান কৰিব। এই চূড়ান্ত নিৰ্দেশটোত সংশ্লিষ্ট ব্যক্তিজনৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য নে নাই সেইকথা স্পষ্ট উল্লেখ থাকিব। আনহাতে, ছমাহৰ ভিতৰত ন্যায়াধিকৰণত আবেদন নকৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোক বিদেশী হয়নে নহয় সেইকথা নিশ্চিত কৰাৰ বাবে চৰকাৰে গোচৰ তৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল। তদুপৰি, এন আৰ চিত অন্তৰ্ভুক্ত কিছু লোকৰ নাম পৰৱৰ্তী সময়ত অযোগ্য বুলি প্ৰমাণিত হোৱাত তেনে লোকৰ নাম কৰ্তন কৰি অহা ২২ জুন তাৰিখে এখন অতিৰিক্ত খচৰা প্ৰকাশ কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিত বাদ পৰা লোকসকলে যাতে নাগৰিকত্ব প্ৰমাণৰ বাবে আবেদনৰ সুযোগ পায় সেয়া চৰকাৰে নিশ্চিত কৰিব বিচাৰিছে।