NORTHEAST NOW (Assamese)
Popular Stories

অভিনেতা দিলীপ কুমাৰ দাসলৈ ‘ড০ এ পি জে আব্দুল কালাম’ ৰাষ্ট্ৰীয় বঁটা

Posted by: এন ই নাও নিউজ June 10, 2019 9:33 am

নলবাৰী জিলাৰ যুৱ সমাজ কৰ্মী, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসে ‘ড০ এল পি জে আব্দুল কালাম’ ৰাষ্ট্ৰীয় বঁটা বুটলি নলবাৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছিকিমৰ গেংটকৰ পঞ্চ তাৰকা হোটেল চুমিতত দেওবাৰে অৰ্থাৎ ৯ জুনত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। সমতা সাহিত্য একাডেমীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যক্তিয়ে নিজ নিজ কৰ্মক্ষেত্ৰত বিশেষভাৱে দেখুওৱা সফলতাৰ বাবে তেওঁলোকক ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

বিশেষভাৱে সফলতা দেখুওৱা সকলৰ ভিতৰত নলবাৰী জিলাৰ যুৱ সমাজ কৰ্মী, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসকো সমতা সাহিত্য একাডেমিয়ে ড০ এ পি জে আব্দুল কালাম বঁটা প্ৰদান কৰে। দিলীপ কুমাৰ দাসক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ভূটান ৰৱেল চৰকাৰৰ শিক্ষা আৰু উন্নয়ন মন্ত্ৰী  ঠাকুৰ এচ পাউডেলে।

যুৱ সমাজ কৰ্মী, তথা অভিনেতা দিলীপ কুমাৰ দাসে বিগত বহু বছৰ ধৰি বিভিন্ন সমাজিক কাম কাজৰ উপৰিও দুখীয়া ছাত্র ছাত্ৰীক সহায়ৰ হাত আগবঢ়াই আহিছে। তাৰোপৰি অসমৰ অভিনয় জগততো বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

বঁটা প্ৰদান অনুষ্ঠানটোত ছিকিম বিধানসভাৰ অধ‍্যক্ষ আৰু স্বাস্থ্য মন্ত্ৰী ডঃ এম কে.শৰ্মা, ছিকিম লোকসভাৰ সাংসদৰ উপৰিও কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।