NORTHEAST NOW (Assamese)
অসম

নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত কিছু ভুল থকিব পাৰে : ৰাজ্যপাল জগদীশ মুখী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2019 10:15 am
Jagdish Mukhi meet Amit Sah

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শুকুৰাবাৰে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত কিছু ভুল-ক্ৰুটি থাকি যাব পাৰে বুলি মত প্ৰকাশ কৰে।

‘‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো যিহেতু এটা বৃহৎ আৰু জটিল কাম সেয়েহে ইয়াত কিছু ভুল-ক্ৰুটি থাকিব পাৰে, কিন্তু ইয়াৰ অন্তৰালত কোনোধৰণৰ বেয়া উদ্দেশ্য জড়িত হৈ থকা নাই’’। শুকুৰবাৰে নতুন দিল্লীৰ নৰ্থ-ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে।

অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ বিষয়া সোণাউল্লাহক বিদেশী বুলি ঘোষণা কৰাৰ প্ৰসংগকলৈ ৰাজ্যপাল মুখীয়ে সেয়া তেওঁৰ ভূলৰ বাবে হোৱা বুলি কয়।

‘‘তেওঁ বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ তথ্য দাখিল কৰিছে। কিন্তু বৰ্তমানৰ ডিজিটেল বিশ্বত সকলোবোৰ সঠিক হোৱাতো দৰকাৰী আৰু সকলোবোৰ নথি-পত্ৰৰ মাজত মিল থকাটো বাঞ্চনীয়’’ চৰকাৰৰ তৰফৰ পৰা এইক্ষেত্ৰত কোনোধৰণৰ ভুল হোৱা নাই বুলি দাবী কৰি মুখীয়ে  এনেদৰে কয়।

ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শ্বাহৰ আগত বৰ্তমানৰ অসমৰ ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদাহৰণ হৈ দেখুৱাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বৰ্তমানৰ অসমৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি প্ৰদৰ্শন কৰি ৰাজ্যৰ প্ৰশাসনীয় বিভাগৰ বহু বিষয়াক আদালতৰ মজিয়ালৈ আনিছে বুলিও ৰাজ্যপাল জগদীশ মুখীয়ে মত প্ৰকাশ কৰে।