NORTHEAST NOW (Assamese)
অসম

২২ জুনৰ নিশা ১ বাজি ৪০ মিনিট ১৮ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2019 10:49 pm

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব পবিত্ৰ অম্বুবাচী মেলা। আজি মেলা পৰিচালনা সমিতিৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনোৱা মতে ২২ জুনৰ ৰাতি ১ বাজি ৪০ মিনিত ১৮ চেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব।

তীৰ্থযাত্ৰীৰ বাবে দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধৰ সময় হৈছে

২৬ জুনৰ দুপৰীয়া ২ বাজি ৪  মিনিট ২২ ছেকেণ্ডত হব নিবৃত্তি।

২৩, ২৪, ২৫ তাৰিখে দেৱীৰ মুল দুৱাৰ বন্ধ থাকিব। ২৬ জুনত দেৱালয়ৰ দুৱাৰ পুৱা ৬ বজাত খোলা হ’ব আৰু বিয়লি ৪.৩০ বজাত তিনিআলি গেটৰ কাষত অৱস্থিত জিৰণিচৰাত বন্ধ কৰা হ’ব।

আনহাতে ২১ জুনৰ পৰা ৩০ জুনলৈ প্ৰতিৰক্ষা বাহিনীৰ বিশেষ টিকট বন্ধ থাকিব। ২৬ আৰু ২৭ জুনত ৫০১ টকাৰ বিশেষ টিকট বন্ধ থাকিব।

অম্বুবাচী মেলাৰ আইন শৃংখলা আৰু তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০জন স্থায়ী সুৰক্ষা কৰ্মীৰ লগতে ৪০০ জন স্কাউচ গাইড, ৪০০জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে দেৱালয়ৰ চৌপাশে ৩০০ চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে।

ইয়াৰ উপৰি মেলাৰ সময়ত তীৰ্থযাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ ক্ৰুতি নাথাকে তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা কৰ্মী নিয়োজিত কৰিবলৈ মেলা পৰিচালনা সমিতিৰ ফালৰ পৰা প্ৰশাসনক অনুৰোধ জনোৱা হৈছে।