NORTHEAST NOW (Assamese)
Popular Stories

অচিৰে ৰাজ্যত নিযুক্তি দিয়া হ’ব ১৪০০ কলেজ শিক্ষকক : শিক্ষা মন্ত্ৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 25, 2019 4:07 pm

অচিৰে ৰাজ্যত ১৪০০ কলেজ শিক্ষকক নিযুক্তি দিয়া হ’ব। প্ৰায় ৩০০তকৈও অধিক কলেজৰ কলেজ কমিতিক নিযুক্তি দিবৰ বাবে অনুমতি দিছে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আজি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ ৯২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সংবাদমাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে।

‘ৰাজ্যপালেও এটা বিভাগতে ঠিকাভিত্তিক আৰু নিয়মীয়া শিক্ষক নিযুক্তি ব্যৱস্থাটো বৈষম্যমূলক বুলি কৈছে সেয়েহে এই ব্যৱস্থাটোক সোণকালে আতৰোৱাটো তেওঁ বিচাৰে।’ ভট্টাচাৰ্যই লগতে কয়।

ইয়াৰোপৰি ঠিকাভিত্তীক শিক্ষকসকলক নিয়মমীয়া কৰণ কৰা হ’ব বুলি তেওঁ আৰু কয়, ‘নতুনকৈ যিসকলক নিযুক্তি দিয়া হ’ব সেইসকলে নিয়মীয়া নিযুক্তিৰ এই সুবিধাটো লাভ কৰিব। কিন্তু শিক্ষাগত অৰ্হতাৰ ওপৰত গুৰুত্ব দিয়া হব।’

ইতিমধ্যে মহাবিদ্যালয়সমূত শিক্ষকৰ নিয়ুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিববলৈ অনুমতি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি দুই-তিনিমাহৰ ভিতৰতেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ সম্ভাবনা আছে বুলি তেওঁ কয়।