NORTHEAST NOW (Assamese)
Popular Stories

আকৌ আহিব CAB! অসমীয়াক বচাবলৈ এইবাৰ ৰাজপথৰ আন্দোলনেই নহয়, হ’ব আইনী যুঁজো

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক July 3, 2019 10:08 pm
AMIT-SHAH-PTI7_30_2017

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰা এক ঘোষণাই অসমীয়াক পুনৰ শংকিত কৰি তুলিছে। সেয়া হ’ল এন আৰ চিত নাম বাদ পৰিলেও হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাবই!

অসমৰ খিলঞ্জীয়াৰ বহু প্ৰত্যাশিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক এক প্ৰকাৰ নস্যাৎ কৰি অমিত শ্বাহে ৰাজ্য সভাত ৰখা বক্তব্যৰ পাছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা ১ জুলাইত ৰাজ্য সভাৰ মজিয়াত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’বিৰেণে অসমত এন আৰ চিৰ খচৰাৰ পৰা কেইবালাখ বাঙালীৰ নাম কৰ্তন হোৱা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শ্বাহে যি বক্তব্য ৰাখিলে তাক সহজভাৱে ল’ব পৰা নাই অসমীয়াই।

‘দি হিন্দু’ কাকতত প্ৰকাশ পোৱা অনুসৰি ৰাজ্য সভাত অমিত শ্বাহৰ ঘোষণা, ‘মই এন আৰ চি সম্পৰ্কত আমাৰ স্থিতি সম্পৰ্কে পুনৰ ক’ব বিচাৰিছো। আমি অনুপ্ৰৱেশ বন্ধ কৰিব বিচাৰো আৰু এজন এজন অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰো। কিন্তু হিন্দু শৰনাৰ্থীৰ ক্ষেত্ৰত, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম।’

উল্লেখযোগ্য যে তৃণমূলৰ সাংসদ গৰাকীয়ে সদনত অহা ৩১ জুলাইত অসমত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ২৩ লক্ষ হিন্দু বাঙালীৰ নাম কৰ্তন হোৱাৰ শংকা ব্যক্ত কৰিছিল।

কিন্তু অমিত শ্বাহৰ বক্তব্যৰ পাছতেই অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ পুনাৰাবৃতি ঘটাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ পৰিল। ইতিমধ্যে এই বক্তব্য সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ আগত ক্ষোভ ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, ‘অমিত শ্বাহে এই কথাৰে অসমৰ ৰাইজৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটাকে নস্যাৎ কৰিলে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছৰ কোনো বিদেশীৰ বোজা অসমে নলয়, সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক। অসম চুক্তি অনুসৰি সকলো অবৈধ বিদেশীয়ে অসম এৰি যাবই লাগিব।’

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই মন্তব্যৰে অসম চুক্তিক অৱজ্ঞা কৰাৰ লগতে দেশৰ সংবিধানকো উলংঘা কৰিছে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

বিজেপিয়ে বিধেয়কখন আনিব বিচাৰিলে ছাত্ৰ সন্থাই পুনৰ আন্দোলন তীব্ৰ ৰূপত গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে প্ৰায় দুবছৰ ধৰি সমগ্ৰ উত্তৰ-পূবত আন্দোলন চলিছিল। বিজেপিৰ বিগত কাৰ্য্যকালৰ লোক সভাতৰ অন্তিম অধিৱেশনত বিধেয়কখন গৃহীত কৰোৱাৰ পাছত এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। তৎসত্ত্বেও শাসনাধিষ্ঠ বিজেপি চৰকাৰে গণতান্ত্ৰিক আন্দোলনক তিলমানো গুৰুত্ব দিয়া নাছিল। কিন্তু ৰাজ্য সভাত বিজেপিৰ পৰ্য্যাপ্ত সদস্য নথকাত ব্যৰ্থ হৈছিল বিধেয়কখন।

কিন্তু এইবাৰ ৰাজ্যত সভাত বিজেপিৰ আসনৰ সংখ্যা ভালেকেইখন বৃদ্ধি পাইছে। বিজেপিৰ লগত যদি আন কেইটামান দলে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় তেনেহ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত হোৱাটা নিশ্চিত। লোক সভাত বিজেপিয়ে অনায়াসে গৃহীত কৰিব পাৰিব বিধেয়কখন। তেনেক্ষেত্ৰত বিধেয়কখন ব্যৰ্থ কিদৰে কৰিব আছু, অসমৰ বিধেয়ক বিৰোধী দল-সংগঠন আৰু ৰাইজে?

এই প্ৰশ্নৰ উত্তৰত লুৰিণজ্যোতি গগৈয়ে কয়, ‘এইবাৰ অসমৰ ৰাইজে ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ আদালতৰ মজিয়াতো দেশৰ সংবিধান বিৰোধী বিধেয়কখনৰ বিৰুদ্ধে যুঁজিব লাগিব।’

অৱশ্যে জনতা দল (য়ুনাইটেড), বিজু জনতা দলৰ দৰে চৰকাৰৰ লগত থকা দলসমূহে পূৰ্বৰ দৰেই বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলি আশা প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে।