NORTHEAST NOW (Assamese)
অসম

শুৱালকুছিৰ শ্ৰীশ্ৰী হাটী সত্ৰত খোলবাদ্যৰ গ্ৰীষ্মকালীন বিশেষ প্ৰশিক্ষণ শিৱিৰ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা July 11, 2019 1:04 pm
Capture 5

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম সৃষ্টিৰাজিক নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে বস্ত্ৰ নগৰী শুৱালকুছিল ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰত শিশু তথা কিশোৰ সকলৰ বাবে গ্ৰীষ্মকালীন খোলবাদ্য প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে।

শ্ৰী শ্ৰী হাটী সত্ৰই উদ্যোগ গ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰটোত অংশগ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থীসকল অহা পৰিলক্ষিত হৈছে।

গ্ৰীষ্মকালীন খোলবাদ্য প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় শিল্পী মনোজ কুমাৰ দাসে।

শ্ৰী শ্ৰী হাটী সত্ৰই আয়োজন কৰা খোলবাদ্য প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদ্যোক্তা সমিতিৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

প্ৰশিক্ষণ শিৱিৰটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পঞ্চাশ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।প্ৰশিক্ষণ কালত শিক্ষাৰ্থীসকলৰ দ্বাৰা গায়ন-বায়নৰ ৰূপত এক বৰ্ণিল শোভাযাত্ৰাৰো আয়োজন কৰা হয়।

উল্লেখযোগ্য যে, প্ৰতিবছৰে ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰত মুখা শিল্পৰ লগতে গুৰুজনাৰ বিভিন্ন সৃষ্টিৰাজিৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে।