NORTHEAST NOW (Assamese)
অসম

বান পীড়িতলৈ এমাহৰ দৰমহা আগবঢ়াব মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ July 20, 2019 6:56 pm

সমগ্ৰ অসমতেই বানপীড়িত ৰাইজৰ সাহায্যৰ বাবে ৰাজ্য চৰকাৰ, বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষ আগবাঢ়ি অহাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো ভাস্কৰ শৰ্মা ফেনচ ক্লাবৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে বন্যাৰ্ত ৰাইজৰ সহায়ৰ বাবে বান সাহায্য সংগ্ৰহ অভিযান।

ফেনচ ক্লাবৰ অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰা লেখাপানী উদয়পুৰৰ পৰা আৰম্ভ হোৱা আজিৰ বান সাহায্য সংগ্ৰহ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ক্লাবৰ মুখ্য আহ্বায়ক তথা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ চচিয়েল মিডিয়া আৰু প্ৰেছ উপদেষ্টা ৰূপম বৰুৱা, বিধায়ক প্ৰতিনিধি হিচাপে জ্যোতিষ ৰাই সোন্দাষ, স্থানীয় জাগুণ জিলা পৰিষদৰ সদস্য বোধ প্ৰকাশ উপাধ্যায়, লেখাপানী আঞ্চলিক পঞ্চায়তৰ সদস্য নৱ দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ সম্পাদক ৰাকেশ জয়চোৱাল আদি উপস্থিত থাকে।

উল্লেখযোগ্য যে ফেনচ ক্লাবৰ বান সাহায্য সংগ্ৰহ অভিযানৰ পুঁজিলৈ বিধায়ক ভাস্কৰ শৰ্মাই নিজৰ এমাহৰ দৰমহা আগবঢ়াব বুলি ঘোষণা কৰিছে।