NORTHEAST NOW (Assamese)
অসম

অযোধ্যাত ৰাম মূৰ্তি নিৰ্মাণ, হ’ব পৃথিৱীৰ আটাইতকৈ ওখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 4:05 pm
Ram statue in Ayodhya to be world's tallest, says UP CM Yogi

গুজৰাটস্থিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিকো চেৰাই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখকৈ “ভগৱান ৰামচন্দ্ৰ”ৰ মূৰ্তি নিৰ্মাণৰ বাবে সাজু হৈছে উত্তৰ প্ৰদেশ চৰকাৰ।

“ৰাম জনমভূমি” অযোধ্যাত স্থাপন হ’ব লগা হিন্দু দেৱতাজনৰ এই মূৰ্তিটোৰ উচ্চতা হ’ব ২৫১ মিটাৰ।

অযোধ্যাৰ সৰযূ নৈৰ কাষত ১০০ হেক্তৰ এলেকাজুৰি মূৰ্তিটো স্থাপন হ’ব আৰু ইয়াৰ নিৰ্মাণ অতি শীঘ্ৰে আৰম্ভ হ’ব, জনায় উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে।

খবৰ মতে, মূৰ্তিটোৰ নিৰ্মাণত কাৰিকৰী সহযোগিতা আৰু দিশ নিৰ্দেশনাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গুজৰাট চৰকাৰৰ লগত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।

মূৰ্তিটো নিৰ্মাণৰ বাবে যোগী চৰকাৰে “ৰাজকীয় নিৰ্মাণ নিগম” নামেৰে এটা সুকীয়া গোটো গঠন কৰিব।

যোগীয়ে জনোৱা মতে, মূৰ্তি চৌহদত “ভগৱান ৰাম” বিষয়ক দিজিতেল মিউজিয়াম, ভাঙনি কেন্দ্ৰ, পুথিভঁৰাল আদিৰো ব্যৱস্থা থাকিব।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ বিজেপি দলৰ দীৰ্ঘদিনীয়া প্ৰধান প্ৰতিশ্ৰুতি। বিষয়টো বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ত বিচাৰধীন।

বৰ্তমান ভাৰতৰ লগতে বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি হৈছে নৰ্মদাৰ পাৰত থকা চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি।

১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তিটো সাজোতে ব্যয় হৈছিল ৩০০০ কোটি টকা।