NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ আশ্ৰয় শিৱিৰত বন্যাক্ৰান্তক ঘোলাপানী খুৱাই নিলম্বন হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা আৰু সহকাৰী অভিযন্তা

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস July 23, 2019 7:29 pm
Utpalananda Das

বৰপেটাৰ বান আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ পিয়াহৰ পানীটুপিৰ বাবে স্থাপন কৰা দমকল মাত্ৰ ৬ ফুট তললৈ পুতি ৰাইজক বিপদৰ সময়ত ঘোলাপানী খুওৱা আৰু দমকল স্থাপনত অনিয়মৰ অভিযোগৰ বাবে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাস আৰু সহকাৰী অভিযন্তা ফকৰুল হক বৰভূঞাক মঙলবাৰে দায়িত্বৰ পৰা নিলম্বন কৰা হয়৷

উল্লেখযোগ্য যে, বৰপেটাৰ বন্যাৰ্তসকলৰ সুবিধাৰ্থে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা আশ্ৰয় শিবিৰত দমকল স্থাপনৰ নিৰ্দেশ দিয়া হৈছিল৷

আনহাতে, আশ্ৰয় শিৱিৰত দমকল স্থাপনত ঠিকাদাৰে যথেষ্ট অনিয়ম কৰা বুলি শিবিৰত থকা একাংশ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷

চহৰখনৰ ভকতপাৰা আৰু সুন্দৰীদিয়া আশ্ৰয় শিবিৰত দমকল স্থাপন কৰা ঠিকাদাৰগৰাকীয়ে মাথো ৫-১০ ফুট পুতিয়েই দায়িত্ব সামৰা বুলিও অভিযোগ উত্থাপন কৰিছিল আশ্ৰয় শিৱিৰত থকা বন্যাক্ৰান্ত ৰাইজে৷

বানাক্ৰান্তৰ বাবে যোগান ধৰা দমকলৰ অনিয়ম সন্দৰ্ভত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছিল৷

ৰাইজৰ দাবীৰ পাছতেই উপায়ুক্তৰ নিৰ্দেশত জিলা পৰিষদৰ বিষয়া তথা বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈৰ নেতৃত্বত তদন্ত চলোৱা হৈছিল।

তদন্তৰ শেষত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ‌ কাৰ্য্যবাহী অভিযন্তা উৎপলানন্দ দাস আৰু সহকাৰী অভিযন্তা ফকৰুল হক বৰভূঞাক মঙলবাৰে নিলম্বন কৰা হয়।