NORTHEAST NOW (Assamese)
অসম

অসমলৈ ১,০০,০০০ টকা বান সাহায্য আগবঢ়ালে ত্ৰিপুৰাৰ বিজেপি সাংসদ প্ৰতিমাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 4:10 pm
Pratima Bhoumik

পশ্চিম ত্ৰিপুৰা সংসদীয় সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিকে অসমৰ বন্যাক্ৰান্ত সকলৰ বাবে তেওঁৰ প্ৰথম মাহৰ দৰমহা ১,০০,০০০ টকা বান সাহায্য হিচাপে আগবঢ়াইছে।

ভৌমিক ভাৰতীয় জনতা পাৰ্টি ত্ৰিপুৰাৰ সাধাৰণ সম্পাদক।

‘‘প্ৰতিমা বাইদেৱে তেওঁৰ প্ৰথম মাহৰ দৰমহা ১,০০,০০০ টকা অসমলৈ বান সাহায্য হিচাপে আগবঢ়াইছে’’-ত্ৰিপুৰা বিজেপিৰ নেতা ভিক্টৰ শ্বোমে এনেদৰে কয়।

শ্বোমে লগতে সাংসদগৰাকীয়ে মঙলবাৰে দিল্লীত থকা অসম চৰকাৰৰ কাৰ্য্যালয়ত সাহায্য ৰাশি অৰ্পন কৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসমক বান সাহায্য প্ৰদান কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক নেতা-কৰ্মী, অভিনেতা, সহায়কাৰী গোটে আগবাঢ়ি আহিছে।

অভিনেতা অক্ষয় কুমাৰ, অমিতাভ বচ্চন, যতীন বৰা, খেলুৱৈ ৰিয়ান পৰাগ, হিমা দাস আৰু ৰাজনৈতিক আব্দুল খালেক, প্ৰদ্যুৎ বৰদলৈ আদিয়ে বান সাহায্যৰ বাবে সহায়ৰ হাত আগবঢ়াইছে।

বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাসমূহে খাদ্য সামগ্ৰী, পানী, কাপোৰ আদিকে ধৰি সাহায্য বন্যাক্ৰান্তলৈ আগবঢ়াইছে।

বিগত দশকৰ ভিতৰত অসমত হোৱা ভয়াবহ বানপানীত এতিয়ালৈ প্ৰায় ৬৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৫ টা এশিঙিয়া গড়কে ধৰি মুঠ ১৮৭ টা জীৱ-জন্তুই প্ৰাণ হেৰুৱাব লগা হৈছে বুলি দাবী কৰা হৈছে।