কলগাছিয়াত বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়ালক চৰকাৰী সাহায্য হিচাপে চাৰি লাখ টকাৰ চেক প্ৰদান

চলিত বৰ্ষৰ বানপানীত ৰাজ্যৰ ৩০ খন জিলাৰ প্ৰায় ৩৬ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে বহু লোকৰ মৃত্যু হয়।
বানপানীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰে।
বানপানীৰ ফলত অঞ্চলটোত দুই লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে দুগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
বানপানীত মৃত্যু হোৱা লোক দুগৰাকী হ’ল কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভিটা গাঁৱৰ আশ্ৰব আলীৰ পুত্ৰ আল-আমিন(৫)আৰু মুকবুল হুছেইন(৭৯)।
সোমবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাই বানপানীত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ চৰকাৰী সাহায্য হিচাপে চাৰি লাখ টকাৰ চেক প্ৰদান কৰে।
উল্লেখযোগ্য যে, চৰকাৰৰ তৰফৰ পৰা বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ অতি শীঘ্ৰে চৰকাৰী সাহায্য আগবঢ়োৱাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছিল।
প্ৰধানকৈ কৃষি কৰ্ম আৰু ব্যৱসায়ৰ লগত জড়িত কলগাছিয়া ৰাজহ চক্ৰত বানপানীয়ে মানুহৰ বাসগৃহ, বাট-পথৰ উপৰিও খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে।