NORTHEAST NOW (Assamese)
Popular Stories

CWG 2022: সাক্ষীৰ পিছত দ্বিতীয় ভাৰতীয় মহিলা হিচাপে মল্লযুঁজত স্বৰ্ণ জয় ভিনেশ ফোগাটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 7, 2022 7:07 am

Vinesh Phogat wins gold medal in wrestling গ্ৰুপত দুখন মেচ জিকি তৃতীয় খন খেলত নামিছিল ভিনেশ ফোগাট। শ্ৰীলংকাৰ চামুদিয়াক পৰাজিত কৰিলেই সোণৰ পদক নিশ্চিত আছিল ভিনেশৰ। মহিলা মল্লযোদ্ধাগৰাকীয়ে অনায়াসে সেইটো কৰি দেখুৱালে। ফলত ভিনেশ হ’ল সাক্ষী মালিকৰ পিছত চলিত কমনৱেলথত স্বৰ্ণ জয় কৰা দ্বিতীয় গৰাকী মহিলা মল্লযোদ্ধা।

মহিলাৰ ৫৩ কিলোগ্ৰাম শাখাত শনিবাৰে নিশা ভিনেশ সুন্দৰ ফৰ্মত আছিল। তেওঁৰ হাতত ক্লাছিফিকেশ্যন পইন্টো যথেষ্ট ভাল আছিল। ভিনেশে প্ৰথম দুখন মেচ ২-০ আৰু ৬-০ ত জিকে। ভিনেশে প্ৰথমেই চামুদিয়াক দুই কান্ধ বন্দী কৰি এক শক্তিশালী আক্ৰমণ চলায়। ভিনেশে এটা আক্ৰমণতে ৪-০ ৰ অগ্ৰগতি লাভ কৰে।

ভিনেশে ইমানেই আক্ৰমণাত্মকভাৱে খেলে যে তেওঁ এই এটা আক্ৰমণেৰে খেলখন সমাপ্ত কৰে। ফলত ভাৰতে ভিনেশৰ জৰিয়তে ১১ তম স্বৰ্ণ পদক লাভ কৰে।

গোল্ড কোষ্টৰ পিছত গ্লাছগো আৰু এইবৈআৰ বাৰ্মিংহাম। ভিনেশ ফোগাটে একেৰাহে তৃতীয় কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰে। তেওঁ এই অনন্য কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।

২০১৪ চনৰ গ্লাছগো আৰু ২০১৮ ৰ গোল্ড কোষ্ট কমনৱেলথ গেমছত স্বৰ্ণ পদক বিজয়ী মল্লযোদ্ধাগৰাকীয়ে মহিলাৰ ৫৩ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক জিকিছিল। চলিত কমনৱেলথ গেমছত ভাৰতৰ বাবে ১১ তম স্বৰ্ণ পদকটো ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ জৰিয়তে আহিল।