NORTHEAST NOW (Assamese)
অসম

উপ সভাপতি পলাশ দাসক বহিষ্কাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 4, 2019 9:23 pm
Anuxoocita Jati Juwa Satra Parishad expells its vice-president

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি তথা ডিব্ৰুগড়ৰ দেৱানবাৰী গাওঁ নিবাসী পলাশ দাসক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে।

বোকাখাত আবৰ্ত্ত ভৱনত অনুষ্ঠিত পৰিষদৰ কেন্দ্রীয় অনুশাসন উপ-সমিতিৰ এখন গুৰুত্বপূর্ণ সভাত এই সিদ্ধান্ত লোৱা হয়৷

এই বিষয়টো সন্দৰ্ভত পৰিষদৰ সভাপতি ৰুবুল দাস আৰু সাধাৰণ সম্পাদক কমলাকান্ত দাসে সংবাদ মাধ্যমক অৱগত কৰে।

তেওঁলোকৰ মতে, বহিষ্কৃত দাসে বিগত দীর্ঘদিন ধৰি পৰিষদত বিভাজন ঘটোৱা, সদস্যসকলৰ মনোবল হ্রাস কৰা, দান-বৰঙণি সংগ্ৰহৰ বহী তথা হিচাব ইচ্ছাকৃতভাৱে দাখিল নকৰি বিত্তীয় কেলেংকাৰী সংঘটিত কৰা, কেন্দ্রীয় সমিতিৰ বিৰুদ্ধে জিলা সমিতিসমূহক উচতনি দিয়া, পৰিষদৰ কাম-কাজত সহযোগ নকৰা আৰু পৰিষদবিৰোধী মিছা আৰু ভুৱা প্ৰচাৰ আদিৰ দৰে কামকাজত জড়িত হৈ অহাৰ স্পষ্ট প্রমাণ লাভ কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

কেন্দ্রীয় সমিতিয়ে যোৱা ২৭ জুলাইত পলাশ দাসলৈ কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল৷ ইয়াৰ আধাৰতে ৩ আগষ্টত বোকাখাত আবৰ্ত্ত ভৱনত অনুষ্ঠিত কেন্দ্রীয় অনুশাসন উপ-সমিতিৰ সভাত উপস্থিত থাকি তেখেতক উক্ত অভিযোগসমূহৰ উপযুক্ত কাৰণ দর্শাবৰ বাবে জনোৱা হৈছিল৷

কিন্তু তেওঁলোকৰ মতে, পলাশ দাস নির্দিষ্ট সময়ত সভাত অনুপস্থিত থকাৰ লগতে কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ দিয়াৰ পৰাও বিৰত থাকে।

যাৰবাবে অনুসূচিত জাতি আৰু পৰিষদৰ বৃহৎ স্বার্থৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় অনুশাসন সমিতিয়ে পলাশ দাসক পৰিষদৰ সংবিধানৰ ১০নং ধাৰাৰ আধাৰত পৰিষদৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে।

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে পৰিষদৰ সকলো সদস্য তথা সমর্থক আৰু শুভাকাংক্ষীক ভৱিষ্যতে পৰিষদৰ পৰা বহিষ্কৃত পলাশ দাসৰ লগত কোনোধৰণৰ সম্পর্ক নাৰাখিবৰ বাবে এক প্ৰেছ বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে।