NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীৰ তৰফৰ পৰা বানপীড়িত ৰাইজলৈ ৩০ লক্ষাধিক টকাৰ সাহায্য

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 6, 2019 8:36 pm

ৰাজ্যৰ শেহতীয়া বানত বিধ্বস্ত হোৱা ৰাইজৰ সহায়ৰ উদ্দেশ্যে উত্তৰ-পূব কয়লাক্ষেত্ৰৰ (ক’ল ইণ্ডিয়া লিমিটেড ), মাৰ্ঘেৰিটাৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে মুখ্য মন্ত্ৰী বান সাহায্য পুঁ‌জিলৈ নিজৰ এদিনৰ দৰমহা আগবাঢ়াইছে।

আজি বিষয়া-কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে সৰ্বানন্দ সোণোৱালক তেওঁৰ দিছপুৰস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰি সংগৃহীত হোৱা ৩১,৬০,৬২১,০৪৯ টকাৰ উক্ত ধনৰাশি প্ৰদান কৰে।

এই কাৰ্যসূচীত উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ প্ৰবন্ধক যুগল কুমাৰ বৰা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাসহ ক’ল ইণ্ডিয়াৰ কেইবাজনো বিষয়ববীয়া আৰু ক’ল ইউনিয়নৰ বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই সময়ে সময়ে অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি প্ৰদান কৰি আহিছে।

অন্যহাতে আজি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অনুৰাগীসকলৰ দ্বাৰা গঠিত ভাস্কৰ শৰ্মা ফেনচ ক্লাবে মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ হাতত ১১ লাখ ৪১ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। বিধায়ক ভাস্কৰ শৰ্মাইও নিজৰ এমাহৰ দৰমহা ফেনচ ক্লাবৰ বান সাহায্য পুঁজিলৈ আগবঢ়াইছিল।

বিধায়ক গৰাকীৰ ব্যক্তিগত চ’চিয়েল মিডিয়া আৰু প্ৰেছ উপদেষ্টা তথা ফেনচ ক্লাবৰ মুখ্য আহ্বায়ক ৰূপম বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাই আজি মুখ্য মন্ত্ৰীক তেওঁৰ কাৰ্যালয়ত উক্ত ধনৰাশি প্ৰদান কৰে।