NORTHEAST NOW (Assamese)
অসম

মেৰীকমৰ সৈতে বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন তাৰকা বক্সাৰ অসম সন্তান লাভলীনা বৰগোহাঁইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2019 10:58 am
Lovelina

তাৰকা মহিলা বক্সাৰ অসম সন্তান লাভলীনা বৰগোঁহায়ে আগন্তুক মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আগশাৰীৰ বিশ্ব চেম্পিয়নশ্বিপখন ৩ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰুছিয়াত অনুষ্ঠিত হ’ব।

লাভলীনাৰ শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত বক্সিং ফেডাৰেচন অব ইণ্ডিয়াই অসমৰ খেলুৱৈগৰাকীক নিৰ্বাচন কৰিছে।

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে, ভাৰতৰ ২১ বৰ্ষীয় প্ৰতিভাৱান মহিলা বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোহাঁয়ে অলপতে ৰুছিয়াত অনুষ্ঠিত হোৱা ‘মাগোমেদ চালাম উমাখানোভ মেম’ৰিয়েল আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা’ৰ ৬৯ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, লালনীনাৰ উপৰিও ভাৰত বৰ্ষৰ আন এগৰাকী তাৰকা বক্সাৰ উত্তৰ-পূবৰ গৌৰৱ ৬ বাৰৰ বিশ্ব্ চেম্পিয়ন এম চি মেৰীকমেও বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে।

মেৰীকমে প্ৰতিযোগিতাখনৰ ৫১ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৩৬ বছৰীয়া মেৰীকমে ২০১৯ বৰ্ষত শেহতীয়াকৈ ইণ্ডিয়ান অ’পেনত আৰু ইণ্ডোনেছিয়াত স্বৰ্ণ পদক দখল কৰি দমণীয় ফৰ্মৰ ইংগিত দিছে।