NORTHEAST NOW (Assamese)
অসম

পুনৰ যুঁজাৰু বিমান মিগ-২১ৰ ককপিটলৈ উভতিল উয়িং কামাণ্ডাৰ অভিনন্দন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 7:59 pm
Wing Commender

ভাৰতীয় বায়ু সেনা বাহিনীৰ বীৰ জোৱান উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে পুনৰ যুঁজাৰু বিমান মিগ-২১ ৰ ককপিটলৈ উভতি আহিছে।

পাকিস্তানৰ বায়ু সেনাবাহিনীৰ ফেলকন-১৬ যুদ্ধ বিমানক খেদি থকা সময়ত দুৰ্ঘটনাগ্ৰস্ত হোৱা মিগ-২১ৰ ককপিটৰ পৰা পেৰাছুটেৰে জপিয়াই নামিব লগা হোৱা বাবে অভিনন্দন আঘাতপ্ৰাপ্ত হৈছিল।

এই আঘাতৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থকা উয়িং কামাণ্ডাৰগৰাকীয়ে ছয় মাহ বিৰতিৰ অন্তত পুনৰ যুদ্ধ বিমান চলাবলৈ উভতি আহিছে তেওঁ।

বৰ্তমান ৰাজস্থানৰ বায়ু সেনা বাহিনীৰ ছাউনিত কৰ্মৰত হৈ থকা অভিনন্দনে বৰ্তমান যুঁজাৰু বিমান চলাবলৈ আৰম্ভ কৰিছে বুলি এগৰাকী বিষয়াই উল্লেখ কৰে।

২৭ ফেব্ৰুৱাৰিত ৩৬ বছৰীয়া ভাৰতীয় বায়ু সেনা বাহিনীৰ উয়িং কামাণ্ডাৰ গৰাকীক পাকিস্তানী সেনাই আটক কৰিছিল।

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা বিমান যুদ্ধৰ সময়ত অভিনন্দনৰ মিগ-২১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বাবেই তেওঁ পাকিস্তান সেনাৰ হাতত আটক হ’বলগীয়া হৈছিল।

অভিনন্দন বৰ্থমানৰ মিগ-২১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে তেওঁ পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমান এখন ধ্বংস কৰিছিল।

যুদ্ধ বিমানৰ পৰা পেৰাছুটেৰে জপিওৱাৰ ফলত অভিনন্দন আঘাতপ্ৰাপ্ত হয় আৰু পাকিস্তানৰ ভূমিত পাক সৈন্যৰ হাতত আটক হৈছিল।

পৰৱৰ্তী সময়ত ১ মাৰ্চত ভাৰতৰ হেচাৰ বাবে পাকিস্তানে অভিনন্দনক মুকলি কৰি দিবলৈ বাধ্য হৈছিল।

বিমান যুদ্ধৰ সময়ত পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমান ভূপতিত কৰা বাবে অভিনন্দনক চলিত বৰ্ষত বীৰ চক্ৰ সন্মান প্ৰদান কৰা হয়।

তিনি সপ্তাহ পূৰ্বে ভাৰতীয় বায়ু সেনা বাহিনীৰ বাংগালুৰুস্থিত এৰোস্পেচ মেদিচিন প্ৰতিষ্ঠানে অভিনন্দনক পুনৰ যুদ্ধ বিমান উৰোৱাৰ বাবে সেউজ সংকেত দিছিল।