NORTHEAST NOW (Assamese)
অসম

ডিজিটেল মিদিয়াত এফ ডি আইৰ অনুমতি ||মোদী কেবিনেটৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2019 10:24 pm
narendra modi Modi cabinet decides to allow FDI in digital media

ডিজিটেল মিডিয়াত প্ৰত্যক্ষ বিদেশী বিনিয়োগকে ধৰি বুধবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী কেবিনেটে।

কেবিনেট বৈঠকৰ পিছতে এই সিদ্ধান্তসমূহ ৰাজহুৱা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে।

ডিজিটেল মিডিয়াত ২৬ শতাংশ বিদেশী বিনিয়োগৰ অনুমতি অনুমোদনক্ষম কৰাৰ সিদ্ধান্ত লৈছে মোদী কেবিনেটে।

ইণ্টাৰনেটৰ প্ৰসাৰতাৰ হাতধৰি দেশজুৰি বিস্তাৰিত আৰু প্ৰভাৱশালী হৈ উঠিছে ডিজিটেল মিডিয়া।

বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত প্ৰতিকূলতা থকা উত্তৰ-পূব ভাৰতৰ দৰে ঠাইত পলকতে খবৰ যোগানৰ ক্ষেত্ৰত ডিজিটেল মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

আজিও উত্তৰ-পূবৰ বহু এলেকাত দৈনিক খবৰ কাগজ বহু পলমকৈহে গৈ পায়।

ইয়াৰ বিপৰীতে ডিজিটেল মিডিয়াই হাতৰ মুঠিতে থকা মোবাইলটোতে মুহূৰ্ততে খবৰ যোগান ধৰিব পাৰে।

৫জি প্ৰযুক্তিৰ আগমন আৰু বিস্তাৰৰ লগে লগে ডিজিটেল বিষয়বস্তু যেনে ভিডিঅ’ৰ সম্প্ৰচাৰ আৰু অন্যান্য দিশতো সুবিধা হ’ব বুলি আশা কৰা হৈছে।

ভাৰতৰ লগতে পৃথিৱীৰ সকলো প্ৰতিষ্ঠিত আৰু বিখ্যাত খবৰ প্ৰতিষ্ঠানে ইতিমধ্যেই ডিজিটেল ৰূপ পৰিগ্ৰহণ কৰিছে। বহু বাতৰি কাকতৰ ছপা সংস্কৰণ বন্ধও হৈছে।