NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় ডাক বিভাগৰ চাকৰিৰ আবেদনৰ অন্তিম সময়সীমা বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2019 4:58 pm

সমগ্ৰ ভাৰতত খালী থকা ডাক বিভাগৰ ১০০৬৬টা পদৰ বাবে প্ৰতিষ্ঠানটোৱে আহ্বান কৰা আবেদনৰ অন্তিম দিন বৃদ্ধি কৰিছে।

ভাৰীতয় ডাক বিভাগে গ্ৰামীণ ডাক সেৱকৰ বাবে আহ্বান কৰা আবেদনৰ অন্তিম দিন আছিল ৪ ছেপ্টেম্বৰ। কিন্তু বৰ্তমান এই সময়সীমা বিভাগটোৱে ৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে।

তাৰোপৰি অনলাইন এপ্লেকশ্যন কৰাৰ সময়সীমাও ১১ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।

অসমকে ধৰি বিহাৰ, পঞ্জাৱ, গুজৰাট, কেৰালা আৰু কৰ্নাটক চক্ৰত এই পদসমূহ খালী আছে।

কেৱল অসমত মুঠ ৯১৯টা পদ খালী আছে।

আবেদনৰ বাবে ইংৰাজী আৰু অংক বিষয়সহ ন্যূনতম মেট্ৰিক পাছ হ’ব লাগে।

তাৰোপৰি প্ৰাৰ্থীসকলে ৰাজ্য চৰকাৰ-ঘোষিত স্থানীয় ভাষা অন্তত দশম শ্ৰেণীলৈকে বাধ্যতামূলক বা ঐচ্ছিকভাৱে পঢ়া হ’ব লাগিব।

লগতে, প্ৰাৰ্থীসকলে অন্ততঃ ৬০ দিনীয়া এটা কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ প্ৰমাণৰূপে কোনো প্ৰতিষ্ঠানে দিয়া বে’চিক কম্পিউটাৰ ট্ৰেইনিং প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

চাইকেল চলাব জনাটো সকলো প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক।

গাড়ী, মটৰ চাইকেল, স্কুটাৰ আদি চলাব জনাটোক চাইকেল চলাব জনা বুলি ধৰা হ’ব।

বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ।

পোনপটীয়াকৈ আবেদন কৰিবলৈ আৰু দৰমহা, আন সা-সুবিধাৰ বিষয়ে সবিশেষ তথ্য জানিবলৈ ইয়াত ক্লিক কৰক।