NORTHEAST NOW (Assamese)
অসম

মহানগৰীত বজৰং দলৰ বন্ধৰ প্ৰভাৱ শূন্য : নলবাৰী, ধুবুৰী আৰু ডিব্ৰুগড়ত বন্ধৰ আংশিক প্ৰভাৱ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 6, 2019 12:14 pm
index

গুৱাহাটীত অলপো নপৰিল ৰাষ্ট্ৰীয় বজৰং দলে দিয়া আজিৰ বন্ধৰ প্ৰভাৱ। মহানগৰীত স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত আছে।

অইন দিনাৰ দৰেই মহানগৰীত চলি আছে যান বাহন। গুৱাহাটীৰ সকলোবোৰ দোকান পোহাৰো খোলা দেখিবলৈ পোৱা গৈছে।

আনকি ফাঁচিবজাৰ আৰু মালিগাঁৱতো বন্ধৰ কোনো প্ৰভাৱ পৰা নাই।

অৱশ্যে, ডিব্ৰুগড়, নলবাৰী, ধুবুৰীত বন্ধৰ আংশিক প্ৰভাব পৰা পৰিলক্ষিত হৈছে।

নলবাৰী আৰু ধুবুৰীত ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যই প্ৰতিবাদ কৰিছে।

ডিব্ৰুগড়ত জোৰ জবৰদস্তি দৰ্শকক চিত্ৰ গৃহত প্ৰৱেশত বাধা প্ৰদান কৰে একাংশ বন্ধ সমৰ্থকে।

ইয়াৰ বিপৰীতে মহানগৰীৰ সকলো চিনেমা হলত দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, এন আৰ চি নাকচৰ দাবীৰে ৰাষ্ট্রীয় বজৰং দলে শুকুৰবাৰে ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল। এই বন্ধৰ প্ৰতি সমৰ্থন দিছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে।

সংগঠনটোৱে ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ নতুনকৈ এখন এন আৰ চি প্ৰস্তুতৰ দাবী জনাইছে।