NORTHEAST NOW (Assamese)
অসম

বোকাখাতত পৰিয়ালসহ প্ৰাক্তন সেনা আৰু প্ৰাক্তন পঞ্চায়ত সভাপতিৰ নাম নাহিল এন আৰ চিত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 9, 2019 7:17 pm

৩১ আগষ্টত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নাহিল ভাৰতীয় সেনাৰ এজন প্ৰাক্তন সেনা জোৱান আৰু দুবাৰকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত পঞ্চায়তৰ সভাপতিৰ নাম।

দুয়োজনেই গোৰ্খা সম্প্ৰদায়ৰ। এজন হ’ল গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ অধীনৰ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ পৰা দুবাৰকৈ সভাপতি হোৱা জগত বাহাদুৰ ছেত্ৰী আৰু আনজন হ’ল ভাৰতীয় সেনাত ৩০ বছৰ চাকৰি কৰা প্ৰাক্তন সেনা জোৱান ৰাম বাহাদুৰ ৰায়।

জগত বাহাদুৰ ছেত্ৰীৰ ঘৰ বোকাখাতৰ ডিফলুপথাৰত আৰু ৰাম বাহাদুৰ ৰায় ঘৰ খুমটাইত ৷

জানিব পৰা মতে এন আৰ চিত বোকাখাত, দেৰগাঁও আৰু খুমটাই সমষ্টিৰ প্ৰায় ২৫০ ৰ পৰা ৩০০জন লোকৰ নাম বাদ পৰি ৰ’ল।

কাৰোবাৰ যদি পুতেকৰ নাম অহা নাই আন কাৰোবাৰ আকৌ বাপেকৰ নাম প্ৰকাশ নাপালে চূড়ান্ত তালিকাত।

আনহাতে জগত বাহাদুৰ ছেত্ৰী আৰু ৰাম বাহাদুৰ ৰায়ৰ পৰিয়ালৰ কাৰোৱেই নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত  প্ৰকাশ নাপালে।

আজি বোকাখাতৰ গোৰ্খা ভৱনত অসম গোৰ্খা সন্মিলন, গোলাঘাট পশ্চিম জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্য নিৰ্বাহকৰ অন্তত আয়োজিত এক সংবাদমেলত সমিতিৰ বিষয়ববীয়াৰ লগতে উক্ত লোক দুজনে এই কথা সদৰি কৰে।

১৯৪২ চনত বোকাখাতৰ ডিফলু পথাৰত জন্ম লাভ কৰা জগত বাহাদুৰ ছেত্ৰীয়ে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ উপৰিও পঞ্চায়তৰ সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল।

তেওঁৰ পুত্ৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী জিলা পৰ্যায়ৰ নেতা হোৱাৰ উপৰি অসম আন্দোলনৰ সৈতেও জড়িত আছিল।

ইফালে ৰাম বাহাদুৰ ৰায়ে সুদীৰ্ঘ ৩০ বছৰ কাল ভাৰতীয় সেনাত সেৱা আগবঢ়াই আহিছিল।

আজিৰ সংবাদমেলত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা গোৰ্খা লোকৰ নাম বাদ পৰাতো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম গোৰ্খা সন্মিলনৰ গোলাঘাট পশ্চিম জিলা সমিতিয়ে ৷