NORTHEAST NOW (Assamese)
অসম

আপেল মহোৎসৱৰ বাবে সাজু নাগালেণ্ডৰ থানামিৰ গাঁও; সুস্বাদু আপেলেৰে ভৰা উত্তৰ-পূবৰ এখন গাঁও

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2019 7:00 pm
Apple tree

ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত নাগালেণ্ডৰ কিফিৰে জিলাৰ থানামিৰ গাঁৱত ১৩ ছেপ্টেম্বৰত উলহ-মালহেৰে আপেল মহোৎসৱ আয়োজনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।

নাগালেণ্ডৰ থানামিৰ গাঁৱত প্ৰচুৰ পৰিমানে আপেল উৎপাদন হয়। থানামিৰক ‘আপেলৰ গাঁও’ বুলিও জনা যায়।

নাগালেণ্ডৰ উদ্যান শস্য বিভাগৰ সহযোগত আৰু থানমিৰ গাঁও সভাৰ উদ্যোগত অষ্টম থানামিৰ আপেল মহোৎসৱ খনি আয়োজন কৰা হ’ব।

অনুষ্ঠানত নাগালেণ্ডৰ উদ্যান শস্য আৰু সীমান্ত মন্ত্ৰ্যালয় বিভাগৰ উপদেষ্টা হাথুং য়ানথানে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ভাৰত-ম্যানমাৰ সীমান্তৰ সৰমতি পৰ্বতৰ নামনিত থানামিৰ গাঁওখন অৱস্থিত।

গাঁৱখনৰ জলবায়ু উদ্যান শস্যৰ বাবে উপযোগী বুলি জানিব পৰা গৈছে।

আপেলৰ উপৰিও গাঁৱখনত মধুৰিয়াম, কল, আম, আপেল আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

কিফিৰে, লংলেঙৰ পাছতে নাগালেণ্ডৰ কম জনবসতি প্ৰধান জিলা আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৮৯৬ মিটাৰ উচ্চতাত অৱস্থিত।

জানিব পৰা মতে, গাঁৱখনৰ আপেল খেতিৰ লগত জড়িত প্ৰতিগৰাকী খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালে প্ৰতিবছৰে উদযাপন কৰি অহা উৎসৱখনিৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।

প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত নাগালেণ্ডৰ থানামিৰ গাঁৱত আপেল মহোৎসৱ পালন কৰি অহা হৈছে।