NORTHEAST NOW (Assamese)
অসম

নগাঁৱত আৰক্ষী আৰু ৰাইজৰ অভিযানত আটক অস্ত্ৰধাৰী ডকাইত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2019 7:14 am
seize pistol

বুধবাৰে বিয়লি নগাঁও আৰক্ষী আৰু স্থানীয় ৰাইজে টেলিয়াপহুকটা অঞ্চলত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ থকা দুটা ডকাইতক বিচাৰি অভিযান চলায়।

দীৰ্ঘ সময় ধৰি স্থানীয় ৰাইজ আৰু আৰক্ষীৰ দলে অঞ্চলটোত অভিযান চলাই পথাৰৰ কাষৰ জংঘলত লুকাই থকা অৱস্থাত এটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা ডকাইতটোৰ নাম চাহাবুদ্দিন বুলি জানিব পৰা গৈছে।

ডকাইতটোৰ পৰা আৰক্ষীয়ে এটা পিস্তল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজে ডকাইতটোক আটক কৰি প্ৰ্থমে ভালদৰে উত্তম-মধ্যম সোধাই আৰু পাছত আৰক্ষীৰ হাতত গটাই দিয়ে।

অঞ্চলটোত লুকাই থকা আনজন ডকাইতক বিচাৰি আৰক্ষীয়ে বহু সময়লৈ অভিযান অব্যাহত ৰাখে যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ ডকাইতটোক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নায়।

উল্লেখযোগ্য যে, অঞ্চলটোত বুধবাৰে দিনৰ ভাগত দুটা অস্ত্ৰধাৰী ডকাইতক ঘুৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু এই সম্বন্ধে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ সহযোগত এটা ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।