NORTHEAST NOW (Assamese)
অসম

পুৰণি ঐতিহাসিক কাহিনীৰ ওপৰতেই বৰ্তমান প্ৰতিষ্ঠিত : পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামী মহন্ত

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা September 12, 2019 4:24 pm
IMG-20190912-WA0003

নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত পদ্মশ্ৰী তথা যশস্বী সাহ্যিতিক ড০ জয়শ্ৰী গোস্বামী মহন্তৰ সৈতে এটি মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়।

মহাবিদ্যালয় খনৰ পুথিভৰাঁলৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে মহাবিদ্যায়ৰ অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসে।

মহাবিদ্যালয়ৰ পুথিভৰাঁলৰ গ্ৰন্থাগাৰিক জুলী ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোতে বিশিষ্ট সাহিত্যিক ড° জয়শ্ৰী গোস্বামী মহন্তই মহাবিদ্যালয়ৰ পুথিভৰাঁললৈ ৬০ খনকৈ মূল্যবান কিতাপ আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক খেলৰ সামগ্ৰীও প্ৰদান কৰে।

ইয়াৰ উপৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা “বৈদ্যুতিন মাধ্যমৰ যুগত গ্ৰন্থৰ ভৱিষ্যত” শীৰ্ষক ৰচনা প্ৰতিযোগিতাখনৰ পুৰস্কাৰ বিতৰণ কৰে।

আনহাতে ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক-অধ্যাপিকাৰ সৈতে হোৱা মুখামুখি অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক গৰাকীয়ে তেওঁৰ স্বৰচিত কেইবাখনো গ্ৰন্থ বিশেষকৈ মহাকবি, চাণক্য আৰু গান্ধাৰী উপন্যাস কেইখনৰ ওপৰত বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোত মহাবিদ্যালয়ৰ এজন ছাত্ৰই পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্তক আপুনি কিয় ঐতিহাসিক বিষয় সমূহৰ ওপৰতেই উপন্যাস লিখে বুলি কৰা প্ৰশ্নোত্তৰত সাহিত্যিক গৰাকীয়ে যেনেকৈ শিপা নাথাকিলে গা-গছ জীয়াই নাথাকে ঠিক তেনেকৈ পুৰণি ঐতিহাসিক কাহিনীৰ ওপৰতেই বৰ্তমান প্ৰতিষ্ঠিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিপুল কুমাৰ চক্ৰৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰ, অধ্যাপক-অধ্যাপিকা ক্ৰমে ড° গায়ত্ৰী গোফ, ড° মল্লিকা বৰা, ড° সোমনাথ বৰা, আকাশী ভূঞা, বিজু বৰা, অনুৰূপা বৰা, শান্তনু বৰদলৈ, ড° যতীন শৰ্মা, সীমা শোভিতা দাস, চুমী ডেকা, টুম্পা বৰা, দেৱিতা কেম্প্ৰাইকে আদি কৰি মহাবিদ্যালয়ৰ পুথিভৰাঁলৰ মঞ্জু কটকী, জীতুমনি বৈৰাগী আৰু চন্দন শইকীয়া উপস্থিত থাকে।