NORTHEAST NOW (Assamese)
Popular Stories

কুকুৰে নহয়, পুত্ৰই কামুৰি আহত কৰিলে পিতৃক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 15, 2019 8:13 am

বোকাখাতৰ পৰঙনীয়া গাঁৱত শনিবাৰে অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ নিশা সুৰাৰ ৰাগীত মাতালহৈ পুত্ৰই নিজৰ বৃদ্ধ পিতৃক কামুৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পুত্ৰই কামুৰি গুৰুতৰভাৱে আহত কৰা বৃদ্ধজনক ৰামেশ্বৰ কলিতা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ১৯৬২ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা কলিতাই বৰ্তমানলৈকে দলৰ হৈ সেৱা আগবঢ়াই আহিছিল।

শনিবাৰে নিশা মদাহী পুত্ৰ দিবাকৰ ওৰফে সিং কলিতাই মদৰ ৰাগীত মাতাল হৈ বৃদ্ধ বাপেকৰ লগত কাজিয়াত লিপ্ত হয়। পিছত পুত্ৰ দিবাকৰে লাঠীৰে পিতৃক মাৰপিট কৰাৰ লগতে কামুৰি গুৰুতৰভাৱে আহত কৰে।

অৱশ্যে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে মাতাল পুত্ৰৰ হাতৰ পৰা বৃদ্ধ পিতৃক উদ্ধাৰ কৰি বোকাখাত আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ দিবাকৰক আটক কৰাৰ লগতে আহত ৰামেশ্বৰ কলিতাক বোকাখাত ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে দিনে-নিশাই মদৰ ৰাগীত মাতাল হৈ থকা দিবাকৰ কলিতাই প্ৰায়ে এনে ধৰণৰ অত্যাচাৰ কৰে বুলি পিতৃয়ে জানিব দিয়ে।