NORTHEAST NOW (Assamese)
অসম

বৰপেটাত কংগ্ৰেছৰ প্ৰতি দৰদ বিজেপিৰ : ৰাজীৱ ভৱন ঘেৰাওৰ পৰা বিৰত জিলা বিজেপি

Posted by: পুলেন্দ্ৰ দাস December 19, 2018 6:09 pm

ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত কংগ্ৰেছ দলে ৰাইজক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তুলি আজি ৰাজ্যিক বিজেপিৰ নিৰ্দেশত প্ৰতিখন জিলাত বিজেপি দলে কংগ্ৰেছ দলৰ কাৰ্যালয় ঘেৰাও কৰে যদিও এইক্ষেত্ৰত ব্যতিক্ৰম দেখা গ’ল বৰপেটাত।

বৰপেটা জিলা বিজেপিয়ে কংগ্ৰেছ দলৰ কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচীৰ পৰা বিৰত থাকি জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিয়েই নিজৰ দায়িত্ব সামৰে ৷

ৰাফেল বিমান ক্ৰয়ত কংগ্ৰেছ দলে ৰাইজক বিভ্ৰান্ত কৰা বুলি দেশজুৰি চৰ্চিত হোৱাৰ পিছত ৰাজ্যিক বিজেপিয়ে আজি প্ৰতিখন জিলাৰ কংগ্ৰেছ দলৰ কাৰ্যালয় ঘেৰাও কৰে যদিও বৰপেটাত বিজেপি দলে কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও কৰাৰ পৰা বিৰত থকা কাৰ্যক বিভিন্নজনে বিভিন্ন মত ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত জিলা বিজেপিয়ে কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ পৰিবৰ্তে এক প্ৰতিবাদী সমদল উলিয়ায়। সমদলৰ অন্তত বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।