NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এনআৰচিৰ অভিযোগ দাখিল কেন্দ্ৰ মুকলি

Posted by: মিটু খাটনিয়াৰ December 19, 2018 5:25 pm
NCR-2-470x264

মাজুলী জিলাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত অযোগ্য লোকৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে জনসাধাৰণে যাতে অভিযোগ দাখিল কৰিব পাৰে, তাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এটা “অভিযোগ দাখিল কেন্দ্ৰ” মুকলি কৰা হৈছে। মাজুলীৰ উপায়ুক্ত তথা নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়ক (District Registrar of Citizen Registration চমুকৈ DRCR) দেৱপ্ৰসাদ মিশ্ৰই শেহতীয়াকৈ জাৰি কৰা এক চৰকাৰী জাননীৰ জৰিয়তে এই অভিযোগ কেন্দ্ৰ মুকলি কৰাৰ বিষয়ে মাজুলীবাসী ৰাইজৰ জ্ঞাতাৰ্থে ঘোষণা কৰে।

এই সন্দৰ্ভত জাননীখনত উল্লেখ কৰা হৈছে যে  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে যদি কাৰোবাৰ অভিযোগ আছে, তেন্তে এই সন্দৰ্ভত মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মুকলি কৰা অভিযোগ দাখিল কেন্দ্ৰত অভিযোগ দাখিল কৰিব পাৰিব।

ইয়াৰ বাবে জনসাধাৰণে চাব পৰাকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰসমূহত উপলব্ধ কৰা হৈছে।

কাৰ্যালয় খোলা থকাৰ সময়ত উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰসমূহলৈ গৈ যিকোনো ব্যক্তিয়ে এই চূড়ান্ত খচৰা চাব পাৰিব।

জাননীখনত মাজুলীবাসীক উদ্দেশ্যি উপায়ুক্ত তথা নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়ক মিশ্ৰই উল্লেখ কৰিছে, ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকাত যদিহে আপত্তি আছে, তেন্তে তেনে ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাত আপত্তি জনাই নিৰ্দিষ্ট প্ৰ-পত্ৰ অনুসাৰে উপায়ুক্তৰ কাৰ্যালয়ত মুকলি কৰা অভিযোগ দাখিল কেন্দ্ৰ বা সংশ্লিষ্ট ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সেৱা কেন্দ্ৰত অহা ৩১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে।