NORTHEAST NOW (Assamese)
অসম

পাঁচদিনীয়া ভ্ৰমণ সূচী লৈ ভাৰতত উপস্থিত মংগোলিয়াৰ ৰাষ্ট্ৰপতি; বিমান বন্দৰত আদৰণি জনালে কিৰেণ ৰিজুজুৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 8:59 pm
Kiren Rijiju

পাঁচদিনীয়া ভ্ৰমণ সূচী লৈ বৃহস্পতিবাৰে ভাৰতত উপস্থিত হৈছে মংগোলিয়াৰ ৰাষ্ট্ৰপতি খালতমাজিন বাত্তুল্গা।

নতুন দিল্লী বিমান বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই মংগোলিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়।

মংগোলিয়ান ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাবলৈ পোৱাতো এক গৌৰৱৰ বিষয় বুলি নিজৰ টুইটাৰত উল্লেখ কৰি ৰিজিজুই ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণ সূচীত ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বুলি লিখে।

উল্লেখযোগ্য যে, পাঁচদিনীয়া ভাৰত ভ্ৰমণত মংগোলিয়াৰ ৰাষ্ট্ৰপতি বাত্তুল্গাই দ্বিপাক্ষীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্বন্ধত ভালেমান বিষয়ত বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

প্ৰধান মন্ত্ৰী মোদীক সাক্ষাতৰ সময়ত ভাৰত আৰু মংগোলিয়াৰ মাজত আন্তঃগাথনি, শক্তি, প্ৰতিৰক্ষা, সুৰক্ষা আদি বিষয়ত আলোচনা হ’ব বুলি খবৰ লাভ কৰা হৈছে।

২০১৫ চনত প্ৰথম গৰাকী ভাৰতীয় প্ৰধান মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে মংগোলিয়া ভ্ৰমণলৈ গৈছিল আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্ৰায় চাৰিওফালে চীন আৰু ৰাছিয়াৰ ভূভাগে আবৰি থকা মংগোলিয়াই সদায় ভাৰতক তৃতীয় প্ৰতিবেশী হিচাপে গণ্য কৰি আহিছে।