NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৫০ কেজি ওজনৰ অজগৰ উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 21, 2019 4:36 pm

বোকাখাত মহকুমাৰ নুমলীগড় চাহ বাগিচাত আজি বাগিচাৰ বিষ্ণু মন্দিৰত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে অজগৰটো দেখা পাই আতংকিত হৈ নুমলীগড়ৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ক অৱগত কৰে।

ঘটনা সন্দৰ্ভত অৱগত হৈ তাৎক্ষণিকভাৱে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয়। প্ৰায় ৫০ কেজি ওজনৰ অজগৰটোক চাবলৈ নুমলীগড় চাহ বাগিচাৰ বিষ্ণু মন্দিৰৰ সমীপত মানুহৰ সমাগম হয়।

পাচত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰী আৰু বন বিভাগৰ লোকে স্থানীয় লোকৰ সহযোগত অজগৰ সাপডালক উদ্ধাৰ কৰে ৷ আৰু সাপডালক পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

স্থানীয় লোকৰ মতে দীৰ্ঘদিন ধৰি অঞ্চলটোত ছাগলী হেৰাই আছিল। আজি উদ্ধাৰ হোৱা প্ৰকাণ্ড অজগৰটোয়েই ছাগলী সমূহ ভক্ষণ কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷