NORTHEAST NOW (Assamese)
অসম

কাইলৈ মিজোৰাম ভ্ৰমণ অমিত শ্বাহৰ; “কেব” বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী স্থগিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2019 9:01 pm
Protest held in Mizoram with placards signaling for an independent republic

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সবাতোকৈ সবল আৰু ব্যতিক্ৰমী প্ৰতিবাদ কৰা মিজোৰামবাসীয়ে কাইলৈ অমিত শ্বাহৰ ভ্ৰমণৰ সময়ত লোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচীটো বাতিল কৰিছে।

পূৰ্বে বিধেয়কখনৰ বিৰুদ্ধে দৃষ্টান্তমূলক কঠোৰ স্থিতি লোৱা ৰাজ্যখনৰ স্বেচ্ছাসেৱী সংগঠনবোৰৰ সমন্বয়ক সমিতিয়ে এই সিদ্ধান্ত লোৱাৰ কথা সংবাদ মাধ্যমক অৱগত কৰিছে।

সংগঠনবোৰে তাৰ পৰিৱৰ্তে অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁলোকৰ বিধেয়কখনত থকা আপত্তি দাখিল কৰিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে কাইলৈ ৰাজ্যখন ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণ নাগৰিকত্ব বিধেয়ক সম্পৰ্কে উত্তৰ-পূববাসীক বুজনি দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাৰ এটা অংশ বুলি কোৱা হৈছে।

শ্বাহৰ ভ্ৰমণৰ সময়ছোৱাত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী উলিয়াবলৈ মিজোৰামৰ স্বেচ্ছাসেৱী সংগঠনবোৰে সিদ্ধান্ত কৰিছিল আৰু এয়া  সংগঠনবোৰৰ সমন্বয়ক সমিতিয়ে ঘোষণা কৰিছিল।

কিন্তু মাত্ৰ কেইঘণ্টামান বাকী থকাৰ সময়তে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি জনাইছে সমন্বয়ক সমিতিয়ে।

পূৰ্বে মিজোসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত উলিওৱা প্ৰবল প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত ভাৰতৰ পৰা “স্বাধীন” হৈ চীনৰ লগ লগাৰ হুংকাৰ দিছিল।

দেশৰ বাবেই অতি ব্যতিক্ৰম ঘটনাটো ঘটিছিল এই বছৰৰ ১২ ফেব্ৰুৱাৰিত আৰু প্ৰতিবাদকাৰীসকলৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী, কংগ্ৰেছ নেতা লালাথানহাওলাকো দেখা গৈছিল।

মোদী চৰকাৰৰ যোৱাটো কাৰ্য্যকালত নাগৰিকত্ব বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাত সফল নহ’ল যদিও এইবাৰ ইয়াক দুয়োটা সদনতে গৃহীত কৰাৰ পৰিকল্পনাৰে আগ বাঢ়িছে বিজেপি চৰকাৰখনে।

বিধেয়কখনৰ জৰিয়তে প্ৰচলিত নাগৰিকত্ব আইনখন সংশোধন কৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ, পাৰ্চী, জৈন ধৰ্মাৱলম্বীক নাগৰিকত্ব দিয়াৰ আঁচনি কৰিছে কেন্দ্ৰীয় চৰকাৰখনে।