NORTHEAST NOW (Assamese)
অসম

অসমৰ ৰুগীয়া শ্ৰমিক উৎপাদিত চাহ কিনা বৃটিশ্ব চুপাৰমাৰ্কেটক সমালোচনা অক্সফেমৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 4:48 pm
TeaWorker Oxfam criticizes British supermarkets for sourcing tea from Assam where workers suffer from cholera and typhoid

অক্সফেমে অসমৰ কলেৰা, টাইফয়দত ভোগা শ্ৰমিক উৎপাদিত চাহ ক্ৰয় কৰা বাবে শীৰ্ষ বৃটিশ্ব চুপাৰমাৰ্কেটসমূহক সমালোচনা কৰিছে।

অসমতা আৰু অন্যায় হ্ৰাসৰ বাবে কাম কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে চুপাৰ মাৰ্কেটসমূহৰ ভাৰত আৰু ব্ৰাজিলমূলীয় যোগান ব্যৱস্থাটোত দাৰিদ্ৰ্য, অভদ্ৰ ব্যৱহাৰ আৰু লিংগ বৈষম্যক ইন্ধন যোগোৱা বুলি তেওঁলোকক সমালোচনা কৰিছে।

অসমৰ বহুকেইটা কোম্পানিয়ে চেইনবাৰিজ, তেস্ক’, লিদল, এল্দি আৰু মৰিছনছকে ধৰি বৃটিশ্ব চুপাৰমাৰ্কেটসমূহক চাহ যোগান ধৰে।

“ইউ কেৰ চুপাৰমাৰ্কেটসমূহক চাহ যোগান ধৰা বিদেশী ফাৰ্ম আৰু বাগিচাসমূহত কম মজুৰি আৰু নিষ্ঠুৰ কামৰ পৰিৱেশ সুলভ,” অক্সফেমৰ এটা প্ৰতিবেদনত প্ৰকাশ।

অক্সফেম পৃথিৱীৰ ৯০খন দেশত অংশীদাৰ আৰু স্থানীয় সম্প্ৰদায়সমূহৰ সৈতে একেলগে কাম কৰি অহা ২০টা সংগঠনৰ আন্তঃৰাষ্ট্ৰীয় কনফেদাৰে’চন।

প্ৰতিবেদনটোত কোৱা হৈছে অসমৰ ৫০খন চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে সাক্ষাতে কলেৰা আৰু টাইফয়দৰ কথা পোহৰলৈ আনিছে।

তেওঁলোকৰ মতে, শ্ৰমিকসকলৰ বাবে শৌচালয় আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাহীনতা ইয়াৰ কাৰণ।

অক্সফেমৰ প্ৰতিবেদনত কোৱা হৈছে যে অসমৰ চাহ বাগিচাত মহিলা শ্ৰমিকে দিনে ১৩ঘণ্টা-পৰ্য্যন্ত “কঁকাল-ভঙা” পৰিশ্ৰম কৰে।

অক্সফেমে কৈছে তেওঁলোকে পৰিদৰ্শন কৰা বাগিচাসমূহৰ পৰা এলদি, মৰিছনছ, টেস্ক’ আৰু চেইনবাৰিজে তেওঁলোকৰ নিজা-ব্ৰেন্দলৈ চাহ কিনাটো নিশ্চিত কৰিছে।

আশ্চৰ্য্যজনক যে, অক্সফেমে পোৱা মতে ইউ কেত অসমৰ ১০০গ্ৰাম চাহৰ বাবে গ্ৰাহকে ৭৯পেনি পৰিশোধ কৰে। চুপাৰমাৰ্কেট আৰু চাহৰ ব্ৰেন্দসমূহে পায় তাৰে ৪৯পেনি, কিন্তু উৎপাদনকাৰী শ্ৰমিকৰ ভাগত সমূহীয়াকৈ পৰেগৈ কেৱল ৩পেনিহে।

সংস্থাটোৱে কৈছে যে খুচুৰা দামৰ পৰা কেৱল ৫পেনি বেচিকৈ দিলেই অসমৰ বাগিচাসমূহৰ শ্ৰমিকসকলে তেওঁলোকৰ ন্যূনতম মজুৰি পাব পাৰে।

দুখৰ কথা যে বৃটিশ্ব চুপাৰমাৰ্কেটসমূহৰ মুনাফা-তৃষ্ণাই যোগান ব্যৱস্থাটোত, বিশেষকৈ অসমত, চলিত দাৰিদ্ৰ্য আৰু মানৱ অধিকাৰ উলংঘনৰ প্ৰতি তেওঁলোকৰ অন্ধ-দৃষ্টি বাহাল ৰাখিছে।

চাহ বাগিচাৰ শ্ৰমিকে সঠিক মজুৰি পোৱা, মহিলা শ্ৰমিকৰ সমতাৰ নিশ্চিতি বৃটিশ্ব চুপাৰমাৰ্কেটসমূহে নিশ্চিত কৰা দৰকাৰ, আৰু লগতে তেওঁলোকৰ পণ্যসমূহৰ উৎস সম্পৰ্কেও স্বচ্ছ হোৱা দৰকাৰ।