NORTHEAST NOW (Assamese)
অসম

আত্মীয়ৰ সৈতে মাদাৰ বৃদ্ধাৱাসত ৮৫ সংখ্যক জন্মদিন পালন অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2019 5:38 pm
Tarun Gogoi

মাদাৰ বৃদ্ধাবাসত জেষ্ঠ নাগৰিক আৰু পুত্ৰ গৌৰৱ তথা আত্মীয়ৰ সৈতে শুকুৰবাৰে ৮৫ বছৰীয়া জন্মদিন পালন কৰে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে তৰুণ গগৈক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তৰুণ গগৈক ওপজা দিনৰ ওলগ জনাই তেখেতৰ সুস্বাস্থ্য কামনা কৰে।

সেইসময়ৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত(বৰ্তমান যোৰহাট জিলাত) ৰঙাজান চাহ বাগিছাৰ এটা আহোম পৰিয়ালত ১৯৩৬ চনৰ ১১ অক্টোবৰত তৰুণ গগৈৰ জন্ম হৈছিল।

তৰুণ গগৈৰ পিতৃ ড০ কমলেশ্বৰ গগৈয়ে ৰঙাজান চাহ বাগিছাত চিকিৎসক হিচাপে কৰ্মৰত আছিল। তৰুণ গগৈৰ মাতৃৰ নাম আছিল ঊষা গগৈ।

ছাত্ৰ অৱস্থাৰে পৰা ৰাজনীতিৰ প্ৰতি আগ্ৰহী তৰুণ গগৈয়ে পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰি নিষ্ঠাৰে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে।

তৰুণ গগৈ ২০০১ চনৰ পৰা ২০১৬ চনলৈ ১৫ পোন্ধৰ বছৰ অসমৰ মুখ্য মন্ত্ৰী হিচাপে গধুৰ দায়িত্ব পালন কৰে।

তাৰ পূৰ্বে তেওঁ ষষ্ঠ বাৰৰ বাবে লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

১৯৭১ চনত তেওঁ প্ৰথমবাৰৰ বাবে যোৰহাটৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে, তৰুণ গগৈয়ে মুখ্য মন্ত্ৰী হিচাপে সন্ত্ৰাস জৰ্জৰ অসমৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ কৰাত গুৰুত্ব ভুমিকা পালন কৰাৰ লগতে অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰি ভাৰতত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মান উচ্চ কৰিছিল।