NORTHEAST NOW (Assamese)
অসম

য়ামাহাৰ Tenere 700; যুৱকসকলৰ বাবে বজাৰলৈ অহা এখন সপোনৰ বাইক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2019 5:55 pm
Bike story

সুসজ্জিত স্প’ক আৰু টিয়ুব হুইলৰ ২১’ফ্ৰন্ট আৰু ১৮’ ৰিয়েৰৰ সৈতে ১৭’ৰ ৬৬০মডেলৰ বিপৰীতে Tenere 700  খলাবমা পথেৰে দৌৰাব পৰা ৰাবাৰ অপশ্যনৰ সৈতে অতি উপযোগী বাইক।

কিন্তু পূৰ্বসূৰীখনৰ দৰেই Tenere 700 ৰো এযোৰ ২৮০ এমএম ৱেভ ডিস্কৰ ৰূপত সন্মুখৰ পিনে বিশাল টুইন ডিস্ক আছে। ইয়াক এলানি ব্ৰেম্বো টুইন-পট কেলিপাৰৰ্ছে সাৱটি ধৰি আছে।

বাইকখনৰ গতিয়ে প্ৰথমতে সন্মোহিত কৰি তোলে আৰু তাৰপাছত আপুনি এতিয়া লিভাৰত চাপ দিব তেতিয়া ই আৰু অধিক শক্তিৰে গতি লব। এইটোৱে আপোনাক মসৃন পথতে নহয়, ওখোৰা মোখৰা পথতো আনি দিব এক কনফিডেন্স।

বাইকখনৰ ৰিয়েৰ’ত এখন চিংগল ২৪৫এমএমৰ ডিস্ক আছে আৰু এটা পট ব্ৰেম্বো আছে যিয়ে আপোনাক আকৌ আকৰ্ষণীয় আকাৰ ব্ৰেক পেডেলৰ জৰিয়তে এক সুন্দৰ গতিৰ অনুভৱ আনি দিব।

Tenere 700 ত ABS ফিট কৰা আছে যিটো বাইকখনৰ চুইটছ অন কৰাৰ প্ৰতিবাৰতে আহে। মসৃন পথত বজাৰৰ আটাইতকৈ অত্যাধুনিক ব্যৱস্থাৰ নহ’লেও ই উপযোগী, কিন্তু খলাবমা পথত কিছু যন্ত্ৰণাদায়ক হ’ব পাৰে।

T7-22 56
Tenere 700 বাইক। ফটো: ইন্টাৰনেট

ভাগ্যক্ৰমে আপুনি ওখোৰামোখৰা পথত ডেছবৰ্ডত থকা বুটনত কেইছেকেণ্ডমান চাপ দি ABS ৰ চুইট্ছ দিব পাৰে কিন্তু আপুনি সেইটো কৰা বন্ধ কৰিব লাগিব।

আপুনি যদি খলাবমা পথত বাইকখন এৰি দিয়ে তেতিয়াহ’লে ঠিকেই আছে, কিন্তু আপুনি যদি সলনাসলনিকৈ মসৃন আৰ খলাবমা পথেৰে যাব লাগে তেতিয়া আপুনি পুনৰ চুইট্ছ অন কৰা বা অফ কৰাৰ বাবে বাৰে বাৰে চেষ্টা কৰিব লাগিব।

বাইকখনৰ আছে এনে এক ‘ফিল’ য’ত আপুনি নিজকে এক সপোনৰ স্থানলৈ যোৱাৰ কল্পনা কৰিব পাৰে।

কাৰিকৰী দিশৰ লগতে বাইকখনে আপোনাক আনি দিব এক নায়কোচিত ভাৱনা আৰু ইয়াত আৰোহন কৰি আপুনি আপোনাৰ যাত্ৰা কৰি তুলিব পাৰে ৰোমাঞ্চকৰ।

Tenere 700  বাইকৰ ভাৰতত মূল্য হৈছে প্ৰায় ৭.৫ লাখ টকা। ধনাঢ্য আৰু আভিজাত্যৰ সমাহাৰত বাইকৰ ভাৱনা ৰখা যুৱসকলৰ বাবে এইখন অত্যন্ত পছন্দৰ বাইক হ’ব পাৰে।