NORTHEAST NOW (Assamese)
Popular Stories

কোকৰাঝাৰত অস্ত্ৰসহ এন ডি এফ বি (স)ৰ ৩জন নতুন সদস্যক গ্ৰেপ্তাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী October 16, 2019 7:17 pm

মঙলবাৰে মাজনিশা কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তত নিৰাপত্তাৰক্ষীয়ে এন ডি এফ বি (স) গোটত নতুনকৈ যোগদান কৰা তিনিগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে এক বিশেষ সূত্ৰৰ পম খেদি কচুগাঁও আৰক্ষী, সেনাৰ ১২ নং শিখলাই ৰেজিমেণ্ট আৰু ২১০ নং কোব্ৰা বাহিনীয়ে ভাৰত -ভূটান সীমান্তৱৰ্তী ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাম্বা এলেকাত যৌথ অভিযান চলাই গোটটোৰ তিনিজন নতুন সদস্যক আটক কৰে।

ধৃত সদস্যকেইজনক জিলাখনৰ বিশমুৰী আৰক্ষী চকীৰ অন্তৰ্গত কাঠালগুৰী গাঁৱৰ প্ৰয়াত জোনাব মুছাহাৰীৰ পুত্ৰদ্বয় মনজিৎ মুছাহাৰী (৩৮) আৰু গোলাপ মুছাহাৰী(২৭) আৰু মুখীৰাম নাৰ্জাৰীৰ পুত্ৰ বীৰছৌন নাৰ্জাৰী (১৯) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে উক্ত অভিযানকালত আন্ধাৰৰ সুযোগ লৈ সংগঠনটোৰ আন এগৰাকী সদস্যই পলায় যাবলৈ সক্ষম হয়।

অভিনযানকাৰী দলটোৱে আটকাধীন সদস্যকেইজনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, ৬ টা মেগজিন, ৬ জাঁই গুলী, ৪০ কেজি চাউল, তিৰ্পাল আৰু এখন দা জব্দ কৰে।

আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে এন ডি এফ বি (স)ৰ বাথা গ্ৰুপত যোগদান কৰিবলৈ গৈ থকা অৱস্থাতে উক্ত যুৱককেইজনক আটক কৰা হয়। ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে তেওঁলোকক জেৰা চলাই থকা হৈছে বুলি তেওঁ কয়।