NORTHEAST NOW (Assamese)
অসম

মাঘত আলিয়া ভাতৰ বিয়া!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 6:12 pm
Alia Bhatt Ranbir Kapoor wedding?

বলিউদ অভিনেত্ৰী আলিয়া ভাতৰ এই মাঘতে বিয়া বুলি চৰ্চা চলিছে।

অভিনেতা ৰনবীৰ কাপুৰৰ সৈতে আলিয়াৰ প্ৰেমক লৈ বিভিন্ন খবৰ প্ৰচাৰিত হৈ থাকে। কিন্তু এইবাৰ চিধা তেওঁলোকৰ বিয়াৰ “নিমন্ত্ৰণী পত্ৰ”খনেই ভাইৰেল হৈ পৰিছে।

জানুৱাৰিত বিয়া বুলি উল্লেখ থকা পত্ৰখনৰ সত্যাসত্যতা সম্পৰ্কে আলিয়াকো সোধা হৈছে— তেওঁ বিয়াৰ কথা কোৱা নাই কিন্তু নহয় বোলাও নাই।

“মই এতিয়া কি ক’ম,” এয়া আছিল বিমান বন্দৰত পিছ লোৱা সাংবাদিকে বিয়া সম্পৰ্কে সোধোতে আলিয়াই হাঁহিমুখে দিয়া সঁহাৰি।

 

View this post on Instagram

 

Good morning ❤ #aliabhatt

A post shared by Viral Bhayani (@viralbhayani) on

গতিকে সঁচাকৈয়ে এই মাঘতে আলিয়া-ৰনবীৰৰ বিয়া হ’লেও আচৰিত হ’বলগীয়া নাথাকিব?

ৰনবীৰৰ দেউতাক প্ৰখ্যাত অভিনেতা ৰিশি কাপুৰ শেহতীয়াকৈ জটিল ৰোগত ভুগি নিউ য়ৰ্কত থাকোতেও আলিয়াক কাষত দেখা গৈছিল।

কেনিয়াৰ প্ৰাকৃতিক শোভাৰ মাজত কটোৱাৰ দুয়ো একেলগে কটোৱাৰ কিছু ছবি ৰনবীৰ-আলিয়াই কিছুদিন পূৰ্বে ৰাজহুৱা কৰিছিল।